/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-09-23/39rubeb0/f1d6da14-498e-47ea-9513-f8f1cc5f7f80.jpg)
ডিজিটেল সংবাদ খোৱাং : জলসম্পদ মন্ত্ৰী পীযুষ হাজৰীকাই সোমবাৰে ডিব্ৰুগড় জিলাৰ খোৱাং চাৰিআলিৰ জয়মতী প্ৰেক্ষাগৃহত খোৱাং সমষ্টিত বিগত বানত ক্ষতিগ্ৰস্ত ৰাইজৰ সৈতে এক মত বিনিময় অনুষ্ঠানত অংশ লয় । খোৱাং সমষ্টিত বুঢ়ীদিহিং নৈৰ বান-খহনীয়াই সৃষ্টি কৰা সমস্যা সমাধানৰ ক্ষেত্ৰত জলসম্পদ বিভাগৰ ডিব্ৰুগড় সংমণ্ডলে গ্ৰহণ কৰা পদক্ষেপসমূহ আজিৰ সভাতে মন্ত্ৰীগৰাকীৰ লগতে বিভাগীয় অভিযন্তাসকলে স্থানীয় ৰাইজৰ আগত তুলি ধৰে ।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-09-23/un7rscae/a411bb2e-23b7-41be-97df-bf81f0440014.jpg)
সমষ্টিটোৰ বান সমস্যা সমাধানৰ বাবে ৰাজ্য চৰকাৰে আন্তৰিকতাৰে কাম কৰি আছে বুলি মন্তব্য কৰে মন্ত্ৰী হাজৰীকাই। লগতে আগন্তুক সময়ত সমষ্টিটোত পৰ্যায়ক্ৰমে বান-খহনীয়া সমস্যা সম্পূৰ্ণৰূপে সমাধান কৰা হ'ব বুলি ৰাইজক প্ৰতিশ্ৰুতি প্ৰদান কৰে ।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-09-23/pqf3m46a/e561e064-6ea2-4e08-993e-a9368013b55d.jpg)
Also Read: জৈৱিক কীটনাশকৰ বাণিজ্যিক উৎপাদনৰ জৰিয়তে কৃষকক সকাহ দিয়াৰ লক্ষ্য...