/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-12/86467572-3ec2-47f3-8da3-6d236ce4c1f7/400.jpg)
ডিজিটেল সংবাদ,তিতাবৰ : অসম চৰকাৰৰ পৰিবহন বিভাগৰ উদ্যোগত পথ সুৰক্ষাৰ সজাগতামূলক বাইক ৰে'লী তথা যান-বাহন পীড়িতসকলৰ বিশ্ব স্মৰণ দিৱসৰ বাবে তিতাবৰত পথ-সুৰক্ষা জনজাগৰণ সভা আয়োজন কৰা হয়। পথ সুৰক্ষাৰ অৰ্থে জনজাগৰণ সৃষ্টিৰ বাবে বুধবাৰে এই সভাত উপস্থিত হয় পৰিবহন মন্ত্ৰী পৰিমল শুক্লবৈদ্য।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-12/34418196-cadb-4a1d-a1f9-fc5ba887ef3d/410268137_900164884811652_3405689376842963263_n.jpg)
উপস্থিত হৈ মন্ত্ৰীগৰাকীয়ে জন আন্দোলনত অংশগ্ৰহণ কৰে। উল্লেখযোগ্য যে মন্ত্রীগৰাকীয়ে ৰাজপথত মটৰ চাইকেল চলাই তিতাবৰত জন আন্দোলন কাৰ্যসূচীত উপস্থিত হয়।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-12/dc824a4a-8aaf-4dc7-9640-313f6949d7df/409208517_900164904811650_8246120539095963390_n.jpg)
মন্ত্ৰীগৰাকীয়ে অনুষ্ঠানত যুৱপ্ৰজন্ম তথা তেওঁলোকৰ অভিভাৱকসকলক উদ্দেশ্যি কয় যে, মটৰ চাইকেল তথা গাড়ী চলাওঁতে হেলমেট আৰু ছিটবেল্ট পৰিধান কৰি সতৰ্কতা অৱলম্বন কৰাৰ লগতে সকলোকে পথৰ নীতি-নিৰ্দেশনা মানি চলিবলৈ আহ্বান জনায়।আজিৰ এই পথ সুৰক্ষা আন্দোলনত তিতাবৰ বিধানসভা সমষ্টিৰ বিধায়ক, জিলা পৰিবহন বিষয়া, আবকাৰী বিষয়াৰ লগতে ভালেসংখ্যক গণ্য-মান্য ব্যক্তি উপস্থিত থাকে।