ধুবুৰী ৰে'ল ষ্টেচনত ইঞ্জিনৰ খুণ্ডাত বৃদ্ধা নিহত

ধুবুৰী ৰে'ল ষ্টেচনত ইঞ্জিনৰ খুণ্ডাত বৃদ্ধা নিহত

author-image
Asomiya Pratidin
New Update
লখিমপুৰত বিদ্যুৎপৃষ্ট হৈ মৃত্যু যুৱকৰ...

ডিজিটেল সংবাদ,গৌৰীপুৰ : ধুবুৰী ৰে'ল ষ্টেচনত সংঘটিত হৈছে এক ভয়ংকৰ দুৰ্ঘটনা। বৃহস্পতিবাৰে ধুবুৰী ৰে'ল ষ্টেচনত নামনিমুৱা ৰাজ্যৰাণী এক্সপ্রেছৰ ইঞ্জিনৰ খুণ্ডাত এগৰাকী বৃদ্ধা নিহত হয়। জানিব পৰামতে ৰে'লখনৰ ইঞ্জিন সলোৱাৰ সময়ত বৃদ্ধা এগৰাকীয়ে ইঞ্জিনৰ আগত জপিয়াই আত্মহত্যা কৰে।

Advertisment

মৃত বৃদ্ধাগৰাকীৰ নাম ফৰিদা বেৱা (৫৭) আৰু তেওঁৰ ঘৰৰ ঠিকনা ধুবুৰী পৌৰসভাৰ ১০ নম্বৰ ৱাৰ্ডত বুলি জানিব পৰা গৈছে। ইতিমধ্যে এই ঘটনাক কেন্দ্ৰ কৰি ধুবুৰী সচেতন মহলত এক বিৰূপ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে।

বৃদ্ধাগৰাকীয়ে কিয় এনেদৰে আত্মহত্যা কৰিলে এতিয়াও সবিশেষ তথ্য পোহৰলৈ অহা নাই। উল্লেখ্য যে কিছুদিন পূৰ্বেও একে স্থানতে সংঘটিত হৈছিল অনুৰূপ ঘটনা।

Also Read: অম্বিকাগিৰীৰো মাটি লয় কাঢ়ি...

Dhubri railway station gouripur