/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-09-23/tsk3wtn1/137.jpg)
ডিজিটেল সংবাদ, হাজো : হাজোৰ চড়াবড়ীৰ কালি মন্দিৰৰ মাটি বেদখলক কেন্দ্ৰ কৰি দুই ফৈদৰ মাজত সৃষ্টি হৈছে সংঘাতৰ। মিঞা মুছলমান মুর্দাবাদ ধ্বনি দি পৰিৱেশ উত্তাল কৰে খিলঞ্জীয়া মুছলমানৰ একাংশই। প্ৰতিবাদকাৰীসকলক দালাল আখ্যা দিয়ে খিলঞ্জীয়া মুছলমানৰ একাংশ লোকে।
এইখিনিতে উল্লেখ কৰা প্ৰয়োজন যে কালী মন্দিৰৰ ভূমি বেদখল কৰা বুলি মন্দিৰ সমিতিৰ সদস্যই আনিছিল ভয়ংকৰ অভিযোগ। ইয়াৰ পাছতে জাঙুৰ খাই উঠে একে গাঁৱৰে একাংশ খিলঞ্জীয়া মুছলমান লোক।
এই ঘটনাক কেন্দ্ৰ কৰি সোমবাৰে খিলঞ্জীয়া মুছলমানৰ একাংশ লোকে প্ৰতিবাদী কাৰ্যসূচী গঢ়ি তোলে। দালালৰাজ বন্ধ কৰক, খিলঞ্জীয়া লোকক মিঞা সজোৱা বন্ধ কৰক আদি ধ্বনিৰে চড়াবড়ীৰ পৰিৱেশ উত্তাল কৰি তোলে ।
তাৰোপৰি চৰকাৰীভাৱে ভূমিৰ অনুমোদন পোৱাৰ পিছতো বেদখলকাৰী সজোৱাৰ অভিযোগ তুলিছে স্থানীয় ৰাইজে। উল্লেখযোগ্য যে ৪জন দালালে ১০ লাখ টকা নোপোৱা বাবেই এনেদৰে ষড়যন্ত্ৰত লিপ্ত বুলি অভিযোগ আনিছে এইসকল ৰাইজে।
এই ঘটনাৰ পাছত এতিয়া এটা কথাই লক্ষ্যণীয় হৈ পৰিছে যে কোন খিলঞ্জীয়া, কোন মিঞা সেয়া প্ৰশাসনৰ তদন্তৰ অন্ততহে আচল ৰহস্য ওলাই পৰিব। ইয়াৰ উপৰি মন্দিৰৰ নাম লৈ দালালি কৰা বুলি অভিযোগ উত্থাপন হোৱা ৪জন ব্যক্তিৰ বিৰুদ্ধে মন্দিৰ সমিতিয়ে কিমান গুৰুত্বসহকাৰে লয় সেয়াও সময়ত লক্ষণীয় হ’ব।
Also Read: ঠিকাদাৰৰ জৰিয়তে সৰকালে ঢকুৱাখনা পৌৰ সভাৰ ৫ লাখ টকা...
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us