/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-08/153199e7-40d2-4078-9bbc-fbf2658216ec/jayanta_malla_baruah_17.jpg)
কাছজান পানী যোগান আঁচনি পৰিদৰ্শন জয়ন্ত মল্ল বৰুৱাৰ...
ডিজিটেল সংবাদ তিতাবৰঃ ৰাজ্যৰ জনস্বাস্থ্য আৰু কাৰিকৰী বিভাগৰ মন্ত্ৰী জয়ন্ত মল্ল বৰুৱা উপস্থিত হয়গৈ তিতাবৰত। মন্ত্ৰীগৰাকীয়ে তিতাবৰত উপস্থিত হৈ জল জীৱন মিছন আঁচনিৰ অধীনত নিৰ্মিত কাছজান পানী যোগান আঁচনি পৰিদৰ্শন কৰে।
প্ৰায় ১ কোটি ২০ লাখ টকা ব্যয় সাপেক্ষে নিৰ্মাণ কৰা এই আঁচনিৰ জৰিয়তে তিতাবৰৰ কাছজান অঞ্চলৰ প্ৰায় ২৪০ টা পৰিয়াল উপকৃত হ'ব। এই পানী যোগান আঁচনিৰ দ্বাৰা তেওঁলোকে লাভ কৰিব বিশুদ্ধ খোৱা পানী।
এই পানী যোগান আঁচনি পৰিদৰ্শনৰ সময়ত মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাক সংগ দিয়ে ৰাজ্যসভাৰ সাংসদ তথা বিজেপিৰ ৰাষ্ট্ৰীয় সম্পাদক কামাখ্যা প্ৰসাদ তাছা, যোৰহাটৰ সাংসদ তপন গগৈ, মৰিয়ণিৰ বিধায়ক ৰূপজ্যোতি কুৰ্মী, বিধায়ক ভাস্কৰ জ্যোতি বৰুৱাকে বহু কেইগৰাকী বিভাগীয় বিষয়া তথা দলীয় নেতা, কৰ্মীয়ে।
Visited and inspected the Kachajan Piped Water Supply Scheme in the Titabar Sub-division of Jorhat, today. This scheme, inaugurated by the Hon'ble CM Dr. @himantabiswa among 60 other schemes virtually yesterday, aims to provide clean drinking water to the community, reflecting a… pic.twitter.com/z0EOliCe2v
— Jayanta Mallabaruah (@jayanta_malla) August 17, 2023
Also Read: কৰিমগঞ্জত উদ্ধাৰ দুষ্প্ৰাপ্য পশু...