/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-07/79153a8c-c816-4e61-b15d-0bfdffa00e64/rttr.jpg)
ডিজিটেল সংবাদ, তিতাবৰঃ যোৰহাটত শেহতীয়াকৈ পুনৰ সক্ৰিয় হৈ পৰিছে মানৱ সৰবৰাহকাৰী চক্ৰ। ইয়াৰ কবলত পৰি গ্ৰামাঞ্চলৰ একাংশ কম বয়সীয়া কিশোৰ ঢাপলি মেলিছে বহিঃৰাজ্যলৈ।
যোৰহাট জিলাৰ তিতাবৰৰ অসম-নগালেণ্ড সীমান্তৱৰ্তী মিলনভূমি গাঁৱৰ দশম শ্ৰেণীৰ ১৫ বছৰীয়া ছাত্ৰ এজন ৪ জুলাইৰ পৰা সন্ধানহীন হৈ আছিল। ইয়াৰ ১২ দিনৰ পিছত জম্মু-কাশ্মীৰৰ এখন চহৰত কিশোৰজনৰ উপস্থিতৰ কথা গম পোৱাৰ পাছত বৰ্তমান পৰিয়ালত সৃষ্টি হৈছে তীব্ৰ প্ৰতিক্ৰিয়াৰ।
টকাৰ নামত হাতত ফুটাকড়ি এটাও নথকা কিশোৰজনৰ ভুৱা পৰিচয় পত্ৰ বনাই কোনো অসাধু সৰবৰাহকাৰী চক্ৰই জম্মু-কাশ্মীৰলৈ প্ৰেৰণ কৰাৰ সন্দেহ পিতৃ-মাতৃৰ।
ইফালে জম্মু-কাশ্মীৰৰ নাম শুনিয়েই বুকু কঁপি উঠিছে কিশোগৰাকীৰ পিতৃ-মাতৃৰ। জম্মু-কাশ্মীৰৰ ৰাজদন নামৰ এখন চহৰৰ এখন হোষ্টেলত কৰ্মৰত কিশোৰজনক সম্পূৰ্ণ এটা বছৰৰ বাবে এগ্ৰিমেণ্ট কৰা হৈছে বুলি ফোনযোগে কোনোৱে অৱগত কৰিছে পিতৃ-মাতৃক।
১৫ বছৰীয়া এটি স্কুলীয়া ছাত্র কিশোৰগৰাকীৰ হাতত কোনো ধৰণৰ পৰিচয় পত্ৰ, ধন নথকাকৈ কেনেকৈ পালেগৈ জম্মু-কাশ্মীৰ ? কেনেদৰে তাক সংস্থাপন দিয়া হৈছে অথবা জম্মু-কাশ্মীৰৰ কেনেধৰণৰ ঠাইত কৰ্মৰত হৈছে কিশোৰগৰাকী ? কিশোৰজনক বিক্ৰী কৰা হৈছে নেকি ? এনেবোৰ অলেখ প্ৰশ্নই বৰ্তমান চিন্তিত কৰি তুলিছে পিতৃ-মাতৃক।
উল্লেখ্য যে যোৰহাটৰ পৰা "ৰকি গগৈ' নামত ভুৱা পৰিচয় পত্ৰ বনাই জম্মু-কাশ্মীৰলৈ যোৱাৰ ব্যৱস্থা কৰা হৈছিল বুলি পৰিয়ালক ফোনযোগে অৱগত কৰিছে কিশোৰজনে। তেওঁৰ লগত যোৰহাটৰ অন্য তিনিজন আৰু গুৱাহাটীৰ এজন লোকো ট্ৰেইনেৰে যাত্ৰা কৰিছিল বুলি জানিব পৰা গৈছে।
মেট্ৰিক পৰীক্ষালৈ মাত্ৰ কেইটামান মাহ বাকী থকা কিশোৰজনে এনেদৰে পঢ়া শুনা এৰি জম্মু-কাশ্মীৰলৈ যাবলৈ সাহস কৰা ঘটনাৰ আঁৰত এটা বৃহৎ চক্ৰ জড়িত হৈ থকাৰ সন্দেহ পিতৃ-মাতৃৰ।
বৰ্তমান উপাইহীন হৈ পিতৃ-মাতৃয়ে কিশোৰগৰাকীক কুশলে ঘৰলৈ উভতাই আনিবলৈ ৰাজ্যৰ মুখ্যমন্ত্ৰী, আৰক্ষী সঞ্চালকৰ সহায় বিচাৰিছে। আনহাতে গ্ৰামাঞ্চলৰ কিশোৰ সকলক সংস্থাপনৰ প্ৰলোভন দি এনেদৰে বহিঃৰাজ্যলৈ প্ৰেৰণ কৰা অসাধু চক্ৰটো শীঘ্ৰে উৎখাত কৰিবলৈ আৰক্ষীক আহ্বান সচেতন ৰাইজৰ।
Also Read: বিজেপিৰ বিৰুদ্ধে ৰণকৌশল! আজি বেংগালুৰত ২৬ বিৰোধী দলৰ বৈঠক