বিজেপিৰ বিৰুদ্ধে ৰণকৌশল! আজি বেংগালুৰত ২৬ বিৰোধী দলৰ বৈঠক

বিজেপিক উৎখাত কৰাৰ লক্ষ্য বিৰোধীৰ। সেই উদ্দেশ্যে কেইবাটাও বিৰোধী দল একলগ হৈ একেলগে কাম কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে।

author-image
Asomiya Pratidin
New Update
বিজেপিৰ বিৰুদ্ধে ৰণকৌশল! আজি বেংগালুৰত ২৬ বিৰোধী দলৰ বৈঠক

ডিজিটেল ডেস্কঃ বিজেপিক উৎখাত কৰাৰ লক্ষ্য বিৰোধীৰ। সেই উদ্দেশ্যে কেইবাটাও বিৰোধী দল একলগ হৈ একেলগে কাম কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। সেই মৰ্মে সোমবাৰে বৈঠকত মিলিত হ'ব বিৰোধী দলসমূহ।

Advertisment

১৭ আৰু ১৮ জুলাইত বেংগালুৰুত অনুষ্ঠিত হ'বলগীয়া সভাত ২৬ টা বিৰোধী দলৰ শীৰ্ষ নেতাসকলে অংশগ্ৰহণ কৰিব। য'ত তেওঁলোকে ২০২৪ চনৰ লোকসভা নিৰ্বাচনত বিজেপিৰ বিৰুদ্ধে ঐক্যবদ্ধভাৱে যুঁজিবলৈ ৰণনীতি প্ৰস্তুত কৰিব।

সূত্ৰঅনুসৰি, নেতাসকলে এখন যুটীয়া ইস্তাহাৰ মুকলি কৰাৰ বিষয়ে আলোচনা কৰাৰ সম্ভাৱনা আছে । লগতে লোকসভাৰ বেছিভাগ আসনত উমৈহতীয়া বিৰোধী প্ৰাৰ্থী প্ৰদান কৰাৰ প্ৰস্তাৱ আগবঢ়াব পাৰে। ২০২৪ চনৰ সাধাৰণ নিৰ্বাচনৰ প্ৰতি লক্ষ্য ৰাখি বিৰোধী মিত্ৰজোঁটৰ বাবে এক উমৈহতীয়া সিদ্ধান্ত গ্ৰহণ কৰিব লগতে এখন উপ-সমিতি গঠন কৰিব পাৰে।

উল্লেখ্য যে, এই বৈঠকত তৃণমূল কংগ্ৰেছকে ধৰি আম আদমী পাৰ্টীকে ধৰি জে ডি ইউ, ডিএমকে আদি দলৰ নেতা উপস্থিত থকাৰ সম্ভাৱণা আছে। প্ৰথম অৱস্থাত এই বৈঠকত আপে অংশগ্ৰহণ কৰাৰ কথা স্পষ্টকৈ কোৱা নাছিল। কিন্তু দেওবাৰে কেন্দ্ৰৰ আধ্যাদেশৰ বিৰুদ্ধে কংগ্ৰেছে স্থিতি স্পষ্ট কৰি আপক সমৰ্থন কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰে। তাৰ পাছতে আপে বিৰোধী দলৰ বৈঠকত অংশ লোৱাৰ কথা স্পষ্ট কৰে।

কংগ্ৰেছে আয়োজন কৰা এই বৈঠকত ছোনিয়া গান্ধী, তেজস্বী যাদৱ, নীতিশ কুমাৰ আদি উপস্থিত থকাৰ সম্ভাৱণা আছে। অৱশ্যে পশ্চিম বংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জী উপস্থিত থাকিবনে নাই এতিয়ালৈকে কোনো স্পষ্টীকৰণ দিয়া নাই।

Also Read: পথ দুৰ্ঘটনাত নিহত ফটো সাংবাদিক ধনটি হীৰ, হত্যাৰ সন্দেহ পৰিয়ালৰ

bjp aap congress