/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-07/ef54958f-0947-41ea-afe8-ae59f2dd1d71/DHAN.jpg)
ডিজিটেল সংবাদ,যোৰহাট : অসম ধান গৱেষণা প্ৰতিষ্ঠান আৰু কটক ৰাষ্ট্ৰীয় ধান গৱেষণা প্ৰতিষ্ঠানৰ বুজাবুজি স্বাক্ষৰ। ধানখেতিৰ দিশত শেহতীয়া তথ্য-প্ৰযুক্তি আৰু গৱেষণাৰ জৰিয়তে অসম তথা দেশৰ ধানখেতিত অভূতপূৰ্ব পৰিৱৰ্তন অনাৰ বাবে অসম ধান গৱেষণা প্ৰতিষ্ঠানে কটকৰ ৰাষ্ট্ৰীয় ধান গৱেষণা প্ৰতিষ্ঠানৰ সৈতে বৃহস্পতিবাৰে এক বুজাবুজি চুক্তি স্বাক্ষৰ কৰে ।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-07/d1463923-04e6-4c00-a2e6-9f88c04dddda/d25700a4_18d1_4602_b656_6684a4f74f30.jpg)
অসম কৃষি বিশ্ববিদ্যালয়ৰ উপাচাৰ্য ড° বিদ্যুৎ চন্দন ডেকা আৰু অসম ধান গৱেষণা প্ৰতিষ্ঠানৰ মুখ্য বিজ্ঞানী ড° সঞ্জয় কুমাৰ চেতিয়াৰ উপস্থিতিত উৰিষ্যাৰ কটকৰ ৰাষ্ট্ৰীয় ধান গৱেষণা প্ৰতিষ্ঠানত আয়োজিত এক বিশেষ অনুষ্ঠানত ৰাষ্ট্ৰীয় ধান গৱেষণা প্ৰতিষ্ঠানৰ সঞ্চালক ড° এ কে নায়ক আৰু অসম কৃষি বিশ্ববিদ্যালয়ৰ কৃষি গৱেষণা সঞ্চালক (ভাৰপ্ৰাপ্ত )ড° মৃণাল শইকীয়াই এই চুক্তিত স্বাক্ষৰ কৰে।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-07/a130f0f5-8900-4334-bd86-bb1f82ba0c20/576cdb9f_e244_40d3_8db6_2eafa2510811.jpg)
অসম কৃষি বিশ্ববিদ্যালয়ৰ উপাচাৰ্য ড° বিদ্যুৎ চন্দন ডেকাই এই চুক্তিৰ জৰিয়তে ধানৰ দিশৰ সমূহ গৱেষণাৰ ফলাফলৰ আদান প্ৰদানৰ জৰিয়তে দুয়োটা প্ৰতিষ্ঠান উপকৃত হোৱাৰ সমান্তৰালভাৱে দেশৰ কৃষকসকল অধিক লাভান্বিত হ'ব বুলি আশা ব্যক্ত কৰে।তেওঁ দেশৰ কৃষি বাণিজ্যৰ উন্নতিৰ দিশটো এই চুক্তিয়ে লাভান্বিত কৰিব বুলি প্ৰকাশ কৰে।
উল্লেখ্য যে এই বুজাবুজি চুক্তিৰ ফলত ধান গৱেষণা প্ৰতিষ্ঠান দুটাই যৌথ বৈজ্ঞানিক সহযোগিতামূলক গৱেষণা, দুয়োটা প্ৰতিষ্ঠানৰ মাজত বৈজ্ঞানিক প্ৰযুক্তি, প্ৰকাশন আৰু শৈক্ষিক দিশত আদান প্ৰদান কৰিব। বিশেষকৈ ভাৰতীয় কৃষি গৱেষণা পৰিষদৰ শস্য বিজ্ঞান বিভাগৰ অধীনৰ ৰাষ্ট্ৰীয় ধান গৱেষণা প্ৰতিষ্ঠানে সমগ্ৰ ভাৰতবৰ্ষৰ ধান খেতিয়ক তথা উৎপাদক আৰু ব্যৱসায়ীসকলৰ সুবিধাৰ্থে গতানুগতিক আৰু সীমান্ত দুয়োটা অঞ্চলতে ধানৰ শস্যৰ ওপৰত গৱেষণা কৰি আহিছে।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-07/705695b4-292f-42e7-a282-6ffc8fe0cbb3/aa874b12_2b6d_4755_b890_b1ed3b2f1683.jpg)
লগতে ধানৰ ওপৰত প্ৰণালীবদ্ধ গৱেষণাৰ জৰিয়তে প্ৰযুক্তি সৃষ্টি কৰা আৰু ভাৰতৰ বিভিন্ন কৃষি পৰিৱেশ মণ্ডলত অৱস্থিত কৃষকসকলৰ মাজত এই প্ৰযুক্তিসমূহ প্ৰচাৰ কৰাৰ লগতে প্ৰতিষ্ঠানটোৱে ধানৰ জাৰ্মপ্লাজম সংগ্ৰহ, মূল্যায়ন, সংৰক্ষণ আৰু বিনিময়ৰ ওপৰতো গুৰুত্ব আৰোপ কৰি আহিছে। আনহাতে শতবৰ্ষ গৰকা এ এ ইউ-অসম ধান গৱেষণা প্ৰতিষ্ঠান বা পূৰ্বৰ আঞ্চলিক কৃষি গৱেষণা কেন্দ্ৰ, তিতাবৰে বৰ্তমানলৈকে ৰঞ্জিত, ৰঞ্জিত-ছাব-১, বাহাদুৰ, বাহাদুৰ চাব-১, গীতেশ, লুইত, কপিলী, দিছাং ,নুমলি, শ্ৰাবনি, ধলি ইত্যাদি ৪৫ টাতকৈও অধিক উচ্চ উৎপাদনক্ষম ধানৰ জনপ্ৰিয় জাতৰ লগতে শেহতীয়াকৈ উচ্চ উৎপাদনক্ষম বেঙুনীয়া ৰঙৰ চাউলৰ জাত অৰ্থাৎ লাবন্য উদ্ভাৱন কৰি বিশ্বৰ প্ৰেক্ষাগৃহত সুকীয়া স্থান দখল কৰিছে ।
এই চুক্তিয়ে ছাত্ৰ-ছাত্ৰী আৰু অধ্যাপক, বিশেষজ্ঞ ব্যক্তি বিনিময় কাৰ্যসূচী, পাঠ্যক্ৰম, সন্মিলন, আলোচনা চক্ৰ আদিত অধ্যাপক সদস্য, ছাত্ৰ-ছাত্ৰী আৰু গৱেষণা পণ্ডিতসকলৰ অংশগ্ৰহণ, আৰু সংগঠনৰ লগতে প্ৰতিষ্ঠানসমূহৰ মাজত যৌথ শৈক্ষিক কাৰ্যসূচীৰ সম্প্ৰসাৰণত সহায় কৰিব বুলি উল্লেখ কৰে।
Also Read: ভাৰতীয় লোকসেৱা আয়োগৰ তথ্য সেৱাৰ ফলাফল ঘোষণাঃ দ্বিতীয় স্থানত অসম সন্তান