আধ্যাত্মিক গুৰু সতপালদেৱ মহাৰাজৰ উপস্থিতিত বিশাল সদ্ভাৱনা সন্মিলনৰ আয়োজন

আধ্যাত্মিক গুৰু সতপালদেৱ মহাৰাজৰ উপস্থিতিত বিশাল সদ্ভাৱনা সন্মিলনৰ আয়োজন

ডিজিটেল সংবাদ,যোৰহাট : বিশ্ববিখ্যাত আধ্যাত্মিক আৰু সামাজিক সংস্থা "মানৱ উত্থান সেৱা সমিতি" উত্তৰ-পূৰ্বাঞ্চলৰ সৌজন্যত অহা ২৭ আৰু ২৮ডিচেম্বৰত দুদিনীয়া কাৰ্যসূচীৰে লক্ষাধিক ৰাইজৰ উপস্থিতিত অনুষ্ঠিত হ'ব এক বিশাল সদভাৱনা সন্মিলন। সাম্প্ৰতিক সময়ত মানৱৰ হৃদয়ত লোপ পাবলৈ ধৰা আধ্যাত্মিক চেতনা,পাৰস্পৰিক সদভাৱনা,ধাৰ্মিক সহিষ্ণুতা জাগ্ৰত কৰি সমাজত এক সুস্থ বাতাৱৰণ সৃষ্টি কৰাৰ উদ্দেশ্য ধেমাজি জিলাৰ চিলাপথাৰৰ জিপু বস্তিৰ ২নং ফুলবাৰীস্থিত কল্যাণধাম আশ্ৰম প্ৰাংগণত অনুষ্ঠিত হ'ব সদভাৱনা সন্মিলন।

সন্মিলনত ভাৰতবৰ্ষৰ বিভিন্ন ধৰ্মীয় স্থানৰ পৰা অহা সু-প্ৰসিদ্ধ ধৰ্মাচাৰ্য,বিদ্বান,সন্ত-মহাত্মা তথা আধ্যাত্মিক জগতৰ বৰ্তমান সময়ৰ তত্বদৰ্শী মানৱ ধৰ্মৰ প্ৰণেতা সৎগুৰুদেৱ শ্ৰীসতপালদেৱ মহাৰাজে সকলো ধৰ্মগ্ৰহণৰ আধাৰত আত্মকল্যাণকাৰী সৎসঙ্গ প্ৰৱচন আগবঢ়াব।

সন্মিলনত সকলো ৰাইজৰ উপস্থিতি আৰু সহযোগিতা কামনা কৰিছে মানৱ উত্থান সেৱা সমিতিয়ে। সন্মিলনৰ লগত সংগতি ৰাখি ভালেকেইখন আধ্যাত্মিক গ্ৰন্থৰ লগতে অসমৰ বিভিন্ন প্ৰান্তৰ নৱীন-প্ৰবীণ কবিৰ মানৱতা আৰু সদভাৱনা বিষয়ক কবিতাৰে সমৃদ্ধ হৈ এখন কাব্য সংকলন প্ৰকাশৰ প্ৰস্তুতি চলোৱা হৈছে। আগ্ৰহীসকলে উল্লেখিত বিষয়ক কবিতা ৬০০৩০৬১৬৬৫ হোৱাটছ-এপ নম্বৰত প্ৰেৰণ কৰিব পাৰিব বুলি উদ্যোক্ততাই জনায়।

আধ্যাত্মিক গুৰু সতপালদেৱ মহাৰাজৰ উপস্থিতিত বিশাল সদ্ভাৱনা সন্মিলনৰ আয়োজন
আঘোণৰ বতৰত হাতীচোং-কাছমাৰী মৌজাৰ কৃষকৰ দুখ লগা কাহিনী

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in