/asomiyapratidin/media/post_attachments/asomiyapratidin/import/2021/07/dangor-khobr-19.jpg)
যোৰহাটৰ ভোগদৈত নিশা জুইত জাহ গ'ল বহু কেইখন দোকান, বাসগৃহ...
ডিজিটেল ডেস্কঃ দীপাৱলীৰ আনন্দৰ উৎসৱৰ মাজতে শুকুৰবাৰে নিশা যোৰহাটত সংঘটিত হয় বিধ্বংসী অগ্নীকাণ্ড। এই অগ্নিকাণ্ডত বিস্তৰ ক্ষতি হৈছে। 
জানিব পৰা মতে যোৰহাটৰ ভোগদৈত সংঘটিত হয় এই অগ্নিকাণ্ড। অগ্নিকাণ্ডৰ ফলত ব্যৱসায়ীক এলেকাটোত থকা বহু কেইখন ব্যৱসায়ীক প্ৰতিষ্ঠান জুইত জাহ গৈছে।
সমান্তৰালকৈ ব্যৱসায়ীক প্ৰতিষ্ঠান কেইখনৰ কাষতে থকা কেইবাটাও বাসগৃহও ক্ষতিগ্ৰস্ত হৈছে। নিশাই প্ৰায় ১০ খন অগ্নি নিৰ্বাপক বাহিনীৰ বাহনে আহি বহু সময় ধৰি চৱোনা প্ৰচেষ্টাৰ অন্তত জুই নিয়ন্ত্ৰণ কৰিবলৈ সক্ষম হয়।
Also Read: কাইলৈ দিনৰ ১-৩০ বজাত মৰণোত্তৰ দেহ দান সম্পন্ন হ'ব কুলদা কুমাৰ ভট্টাচাৰ্যৰ...
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
 Follow Us