তিতাবৰত নিজৰ বোৱাৰীয়েকক যৌন নিৰ্যাতন চলাই আটক শহুৰেক...

৫ আগষ্টতে সংঘটিত হৈছিল এই ঘটনা

author-image
Asomiya Pratidin
New Update
তিতাবৰত নিজৰ বোৱাৰীয়েকক যৌন নিৰ্যাতন চলাই আটক শহুৰেক...

তিতাবৰত নিজৰ বোৱাৰীয়েকক যৌন নিৰ্যাতন চলাই আটক শহুৰেক...

ডিজিটেল সংবাদ তিতাবৰঃ ধিঙত সংঘটিত হোৱা কিশোৰীৰ যৌন নিৰ্যাতনৰ ঘটনাই সমগ্ৰ ৰাজ্যতে প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰাৰ সময়তে তিতাবৰত ৰাইজে কৰায়ত্ত কৰিলে এজন যৌন নিৰ্যাতনকাৰীক। নিজ বোৱাৰীয়েককে যৌন নিৰ্যাতন কৰি পলায়ন কৰা এই লোকজনক তিতাবৰৰ ফুলবাৰীত ৰাইজে খেদি খেদি কৰায়ত্ত কৰিলে।

Advertisment

উল্লেখ্য যে, তিতাবৰৰ দেওঘৰীয়াত নিজ বোৱাৰীয়েককে যৌন নিৰ্যাতন চলাইছিল যাদৱ বড়া নামৰ লোকজনে। ৫ আগষ্টতে সংঘটিত হোৱা এই ঘটনাৰ পাছতে যাদৱ বড়াই ঘৰৰ পৰা পলায়ন কৰিছিল।

নগাওঁ, মাজুলী আদিত পলায়ন কৰি লুকাই থকা যাদৱ বড়াৰ শেহতীয়াকৈ তিতাবৰৰ ফুলবাৰীত ৰাইজে প্ৰত্যক্ষ কৰে। তাৰ পাছতেই ৰাইজে যাদৱ বড়াক খেদি খেদি কৰায়ত্ত কৰে আৰু স্থানীয় গাওঁবুঢ়াক খবৰ দিয়ে। স্থানীয় গাওঁবুঢ়াই আৰক্ষীক খবৰ দিয়াৰ পিছতে আৰক্ষীয়ে লম্পট যাৱদ বড়াক গ্ৰেপ্তাৰ কৰে।

Also Read: ধিং কাণ্ডৰ মূল অভিযুক্তৰ মৃত্যু...

যৌন নিৰ্যাতন তিতাবৰ