/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-10/c38e3c9b-26ea-4444-a0d7-750c7d3a9245/4.jpg)
ডিজিটেল সংবাদ, তিতাবৰঃ শনিবাৰে পুৱাই তিতাবৰৰ বৰবাম চুঙীৰ ৰঙাজান চাহ বাগিচাত এটা নাহৰফুটুকী বাঘ পিঞ্জৰাবদ্ধ হয়। জানিব পৰা মতে, কেইবাদিনো ধৰি অঞ্চলটোত সন্ত্ৰাস চলাই আছিল বাঘটোৱে।
শনিবাৰে পুৱা বন বিভাগে বাঘটোক আটক কৰিবলৈ পাতি ৰখা পিঞ্জিৰাত আবদ্ধ হয় নাহৰ ফুটুকী বাঘটো। বাঘটো পিঞ্জিৰাবদ্ধ হোৱাত স্থানীয় ৰাইজে কিছু সকাহ অনুভৱ কৰিছে যদিও অঞ্চলটোত আৰু বাঘ থকাৰ সন্দেহ প্ৰকাশ কৰিছে অঞ্চলবাসীয়ে।
Also Read: ঢকুৱাখনা চৰকাৰী মজলীয়া বিদ্যালয়ৰ ১৫০ বছৰীয়া জয়ন্তীৰ প্ৰস্তুতি