পবিত্ৰ ভাদ মাহলৈ মাথো কেইটামান দিন : ভক্তক আদৰিবলৈ সাজু শ্ৰী শ্ৰী আঠখেলীয়া নামঘৰ

পবিত্ৰ ভাদ মাহলৈ মাথো কেইটামান দিন : ভক্তক আদৰিবলৈ সাজু শ্ৰী শ্ৰী আঠখেলীয়া নামঘৰ

ডিজিটেল সংবাদ,তিতাবৰ : পবিত্ৰ ভাদ মাহলৈ মাজত মাথো কেইটামান দিন বাকী। ঐতিহ্যমণ্ডিত শ্ৰী শ্ৰী আঠখেলীয়া নামঘৰে পূৰ্বৰ পৰম্পৰা অক্ষুন্ন ৰাখি এইবাৰো মাহজোৰা কাৰ্যসূচীৰে পবিত্ৰ ভাদ মাহৰ নাম মহোৎসৱ আয়োজনৰ ব্যাপক প্ৰস্তুতি আৰম্ভ কৰিছে।

অদৃশ্যজনৰ চৰণত সেৱা ল'বলৈ বুলি আগমণ ঘটিব লগা কেইবা লক্ষাধিক ভক্তপ্ৰাণ ৰাইজক আদৰিবলৈ সাজু হৈ উঠিছে আঠখেলীয়া নামঘৰৰ কৰ্ণধাৰ সমিতি। সমিতিয়ে জনোৱা অনুসৰি, নামঘৰৰ চৌহদ, চৌহদত থকা মনোমোহা পুখুৰী, সেৱক-সেৱকীসকলে বন্তি জ্বলোৱা স্থান, মূল তোৰণ, যান-বাহনৰ আস্থান আদিবোৰ ৰং, তেল সানি ন-কৈ সজাই পৰাই তুলিছে।

ভক্তপ্ৰাণ ৰাইজ যাতে কোনো অসুবিধাত নপৰে তাৰ বাবে প্ৰয়োজনীয় সকলো ধৰণৰ প্ৰস্তুতি চলাই থকা হৈছে। ভাদ মাহটোত প্ৰতিদিনে পুৱা ৫ বজাত, ১১ বজাত, আবেলি ২.৩০ বজাত আৰু সন্ধিয়া ৬ বজাত মুঠ ৪বাৰকৈ নাম প্ৰসংগ অনুষ্ঠিত হ'ব বুলি সমিতিয়ে জানিবলৈ দিয়ে।

প্ৰতিদিনে ১ লাখ ভকতক আদৰিবলৈ সাজু হোৱাৰ লগতে এইবাৰৰ পৰা নিশা ১০ বজালৈকে নামঘৰৰ গৃহ সেৱকীৰ বাবে খোলা থাকিব । ৰাজ্যৰ সকলো প্ৰান্তৰ ভক্তপ্ৰাণ ৰাইজক ভাদ মাহৰ নাম মহোৎসৱত অংশগ্ৰহণৰ বাবে আমন্ত্ৰণ জনাইছে নামঘৰৰ কৰ্ণধাৰ সমিতিয়ে।

পবিত্ৰ ভাদ মাহলৈ মাথো কেইটামান দিন : ভক্তক আদৰিবলৈ সাজু শ্ৰী শ্ৰী আঠখেলীয়া নামঘৰ
শিলচৰ NIT ৰ হোষ্টলৰ ৩ ৰান্ধনীক ১০/১২ জনীয়া ছাত্ৰৰ দলবদ্ধ আক্ৰমণ...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in