ছালাকাটিত এবিএমছুৰ অষ্টম দ্বিবাৰ্ষিক কেন্দ্ৰীয় অধিৱেশন

ছালাকাটিত এবিএমছুৰ অষ্টম দ্বিবাৰ্ষিক কেন্দ্ৰীয় অধিৱেশন

ডিজিটেল সংবাদ, কোকৰাঝাৰঃ এবিএমছুৰ অষ্টম দ্বিবাৰ্ষিক কেন্দ্ৰীয় অধিৱেশনখন শনিবাৰৰে পৰা কোকৰাঝাৰ জিলাৰ ছালাকাটিত দুদিনীয়া কাৰ্যসূচীৰে আৰম্ভ হয়। এই উপলক্ষে শনিবাৰে কাৰ্যসূচী অনুসৰি পুৱা পতাকা উত্তোলেনেৰে কাৰ্যসূচীৰ শুভাৰাম্ভ কৰে এবিএমছুৰ উপ-সভাপতি আলি আজম শ্বেখে। ইয়াৰ পিছতে শ্বহীদ তৰ্পন, খেল-ধেমালি প্ৰতিযোগিতা, তৰ্ক প্ৰতিযোগিতা অনুষ্ঠিত কৰা হয়। উল্লেখ্য অনুষ্ঠানতে শ্বহীদ লাফিকুল ইছলাম হত্যাকাণ্ডৰ ন্যায় আৰু সম্প্ৰদায়ৰ বহনক্ষম উন্নয়ন সন্দৰ্ভত এক আলোচনা চক্ৰ অনুষ্ঠিত হয়।

আনহাতে এবিএমছুৰ ইতিহাসত পোনপ্ৰথমবাৰৰ বাবে এইবেলি সভাপতি আৰু সাধাৰণ সম্পাদক পদৰ বাবে নিৰ্বাচন অনুষ্ঠিত হ'ব । সভাপতি পদৰ বাবে ৫জন ক্ৰমে আশ্ৰাফুল ইছলাম শ্বেখ, মইনুদ্দিন আলি, মহিদুল ইছলাম, সোলেইমান আলি শ্বেখ আৰু টাইছন হুছেইনে প্ৰতিদ্বন্দিতা আগবঢ়াইছে। সাধাৰণ সম্পাদক পদত ৬জনে ক্ৰমে আব্দুল হাকিম, আবু জুবায়েৰ মণ্ডল, জাইদুল ইছলাম, জিয়াৰুল হ'ক, মেহদী হাসান মণ্ডল আৰু ছলেবৰ আলিয়ে প্ৰতিদ্বন্দীতা আগবঢ়াইছে । বাতৰি লিখা পৰলৈ সভাপতি আৰু সাধাৰণ সম্পাদক পদৰ বাবে ভোটিং অব্যাহত আছে । এবিএমছুৰ ১০খন জিলা সমিতিৰ পৰা ২৫ জনকৈ প্ৰতিনিধি অৰ্থাৎ সৰ্বমুঠ ২৫০গৰাকী প্ৰতিনিধিয়ে এবিএমছুৰ পচন্দৰ সভাপতি আৰু সাধাৰণ সম্পাদক নিৰ্বাচিত কৰিব ।

ইপিনে ভোটিং আৰম্ভ হোৱাৰ পূৰ্বে এবিএমছুৰ সহকাৰী সাধাৰণ সম্পাদক মইনুদ্দিন আলিয়ে এবিএমছুৰ প্ৰাক্তন সভাপতি লাফিকুল ইছলামৰ হত্যাকাৰীক অদ্যপি কৰায়ত্ব নকৰাত ক্ষোভ প্ৰকাশ কৰে। লাফিকুল ইছলামৰ হত্যাকাণ্ডৰ ৬বছৰ উকলি যোৱাৰ পিছতো অপৰাধীক কৰায়ত্ব নকৰাত ক্ষোভ প্ৰকাশ কৰি মইনুদ্দিন আলিয়ে কয় যে- এবিএমছুৰ প্ৰাক্তন সভাপতি লাফিকুল ইছলামৰ হত্যাৰ আঁৰত ৰাজনীতি জড়িত আছে আৰু হত্যাকাৰীয়ে ৰাজনৈতিক সুৰক্ষা লাভ কৰি আছে । দিনদুপৰতে গুলিয়াই হত্যা কৰা লাফিকুল হত্যাকাৰীৰ নাম ঠিকনা চিবিআইয়ে প্ৰকাশ কৰাৰ পিছতো হত্যাকাৰী অদ্যপি গ্ৰেপ্তাৰ নহ'ল বুলি আক্ষেপ প্ৰকাশ কৰি মইনুদ্দিন আলিয়ে কয় যে- হিমন্ত বিশ্ব শৰ্মা, প্ৰমোদ বড়োৱে ক্ষমতাত আহিলে দুমাহৰ ভিতৰত হত্যাকাৰীক গ্ৰেপ্তাৰ কৰাৰ প্ৰতিশ্ৰুতি দিছিল যদিও সকলো ফুটুকাৰ ফেনত পৰিণত হ'ল। হিমন্ত বিশ্ব শৰ্মা, প্ৰমোদ বড়োৱে প্ৰতিশ্ৰুতি ৰক্ষা কৰিব পৰা নাই বুলি উল্লেখ কৰি লাফিকুলৰ হত্যাকাৰীক গ্ৰেপ্তাৰ নোহোৱা পৰ্যন্ত এবিএমছুৱে আন্দোলন অব্যাহত ৰাখিব বুলি সদৰি কৰিছে।

আনহাতে দেওবাৰে অৰ্থাৎ ৩ ছেপ্টেম্বৰত এবিএমছুৰ অষ্টম দ্বিবাৰ্ষিক কেন্দ্ৰীয় অধিৱেশন উপলক্ষে মুকলি সভা অনুষ্ঠিত হ'ব। য'ত মুখ্য অতিথি হিচাপে উপস্থিত থাকিব বিটিচিৰ প্ৰাক্তন শিক্ষা সঞ্চালক খবিৰ আহমেদ, বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকিব অসম চৰ-চাপৰি পৰিষদৰ সভাপতি ড° হাফিজ আহমেদ, বিধায়ক লৰেঞ্চ ইছলাৰী, কমতাপুৰ স্বায়ত্বশাসিত পৰিষদৰ অধ্যক্ষ হিতেশ্বৰ বৰ্মন, আমছুৰ সভাপতি ৰেজাউল কৰিম সৰকাৰ, আদিবাসী কল্যাণ আৰু উন্নয়ন পৰিষদৰ মুখ্য কাৰ্যবাহী দূৰ্গা হাসদা, বিটিচিৰ পাৰিষদ দেৰহাছাৎ বসুমতাৰী আদিকে ধৰি বহু বিশিষ্ট লোক।

ছালাকাটিত এবিএমছুৰ অষ্টম দ্বিবাৰ্ষিক কেন্দ্ৰীয় অধিৱেশন
পোহৰৰ দিশে এখোজ...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in