ডিজিটেল সংবাদ, নামৰূপঃ নিটি আয়োগৰ সিদ্ধান্ত, নামৰূপ সাৰ কাৰখানা বন্ধ কৰা, চতুৰ্থ গোট স্থাপন আদি বিভিন্ন সমস্যাক লৈ নামৰূপৰ লগতে সমগ্ৰ অসম উত্তাল হৈ থকাৰ সময়তে সোমবাৰে ডিব্ৰুগড় জিলা ছাত্ৰ সন্থা আৰু নামৰূপ আঞ্চলিক ছাত্ৰ সন্থাই সংবাদমেল আয়োজন কৰি সাৰ কেলেংকাৰী সন্দৰ্ভত অন্য এক নতুন তথ্য সদৰী কৰে। অসম পেট্ৰ' কেমিকেল লিমিটেডৰ অতিথিশালাত সম্বোধন কৰা সংবাদমেলত জিলা ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদক অৱনী কুমাৰ গগৈয়ে কয় যে, নামৰূপ সাৰ কাৰখানাত এক বৃহৎ সাৰ চুৰি চক্ৰ জড়িত হৈ সাৰৰ ক'লা বজাৰ চলি থকা কথাটো বিগত প্ৰায় ৫/৬ বছৰ ধৰি আছুৱে চিঞৰি চিঞৰি কৈ আছিল যদিও মেনেজমেণ্ট, প্ৰশাসন বা চৰকাৰ কোনেও গুৰুত্ব দিয়া নাছিল।
অৱশেষত ২০২১ চনত ফাৰটিলাইজাৰ শ্ৰমিক ইউনিয়নে উন্মোচন কৰিছিল সাৰ কাৰখানাৰ সাৰৰ এক ক'লা অধ্যায়। ২০২১ চনৰ ২৮ আগষ্টত সাৰ কাৰখানাৰ পৰা যোৱা সাৰ পৰিবাহী ট্ৰেইনত ৯৯০ বেগ অতিৰিক্ত সাৰ হাতে-লুটে উদ্ধাৰ কৰিছিল ইউনিয়নৰ বিষয়ববীয়াই। কিন্তু দেশ কঁপাই যোৱা সাৰ কেলেংকাৰীত জড়িত মূল অভিযুক্তক ৰক্ষণাবেক্ষণ দিবৰ বাবেই আজি পৰ্যন্ত উক্ত ঘটনাৰ তদন্ত নহ'ল বুলি উল্লেখ কৰে। ছাত্ৰ নেতাগৰাকীয়ে কয় যে- ইয়াৰ বিপৰীতে বিপনন বিভাগৰ মুখ্য বিষয়া কেইগৰাকীক সুৰক্ষা দিয়া হে পৰিলক্ষিত হ'ল। বিপনন বিভাগৰে সুবোধ কুমাৰ সিং নামৰ বিষয়াগৰাকীৰ ক্ষেত্ৰত মেনেজমেণ্টে অধিক সা-সুবিধা প্ৰদান কৰি পদোন্নতি কৰাক লৈ আছুৱে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰা বুলি সংবাদমেলত উল্লেখ কৰে।
এইগৰাকী বিষয়াৰে আন এক কু-কৰ্ম সংবাদমেলত ফাদিল কৰা হ'ব বুলি উল্লেখ কৰি সাধাৰণ সম্পাদক গৰাকীয়ে কয় যে- চলিত বছৰত ফেব্ৰুৱাৰী মাহৰ পৰা বি ভি এফ চি এলে প্ৰায় ৭ শ ডিলাৰশ্বিপ দিছে বিভিন্ন ৰাজ্যত। ডিলাৰশ্বিপ দিয়া ক্ষেত্ৰতে বিহাৰৰ এটা খণ্ডই সদৰী কৰি কয় যে বিহাৰৰ ধনঞ্জয় তেৱাৰীৰ গুপ্তেশ্বৰনাথ এণ্টাৰপ্ৰাইজেও (BHROH3268) বি ভিএফ চি এলৰ ডিলাৰশ্বিপ লাভ কৰিছে। বিহাৰৰ এইগৰাকী ডিলাৰে চেণ্ট্ৰেল ভিজিলেন্স কমিছনক দিয়া এক অভিযোগ পত্ৰই উদঙাইছে সাৰৰ ক'লা বজাৰৰ ভিন্ন তথ্য। এই পত্ৰত উল্লেখ আছে যে, প্ৰতি ডীলাৰৰ পৰা ৩ লাখ কৈ টকা লৈ ৭শ তকৈ অধিক ডিলাৰশ্বিপ দিয়া গৈছে দেশৰ ৫/৬ খন ৰাজ্যত।
ইয়াত মধ্যস্থতা কৰিছে বি ভি এফ চি এলৰ মাৰ্কেটিং বিভাগৰ সুবোধ কুমাৰ সিঙে। চি ভি চি লৈ প্ৰেৰণ কৰা অভিযোগ পত্ৰত বিহাৰৰ আন এজন ডিলাৰ ৰৌচন কুমাৰৰ নামো উল্লেখ আছে। উক্ত দুয়ো ডিলাৰৰ অৰিয়াঅৰি অৱশেষত গৈ আইনৰ মেৰপেছত সোমাই পৰিছে বুলিও সংবাদমেলত উল্লেখ কৰে জিলাৰ সাধাৰণ সম্পাদকগৰাকীয়ে। ইয়াৰ উপৰি বি ভি এফ চি এল ৰ চি এম ডি পৰিচালন সঞ্চালক হিচাপে অতিৰিক্ত দায়িত্বত থকা হিন্দুস্থান উৰ্বৰক ৰসায়ন লিমিটেডৰ (HURL) ডীলাৰশ্বিপ লোৱাৰ বাবদ ৬লাখ টকা আদায় দিয়াৰ বিষয়েও চি ভি চি ক দিয়া অভিযোগ পত্ৰত ধনঞ্জয় তিৱাৰীয়ে উল্লেখ কৰে। এই ক্ষেত্ৰত যোগাযোগকাৰী হিচাপে বি ভি এফ চি এলৰ বিপনন বিভাগৰ সুবোধ কুমাৰ সিং আৰু ৰৌচন কুমাৰৰ নাম উল্লেখ কৰে অভিযোগ পত্ৰত।
আনহাতে সমগ্ৰ বিষয় সন্দৰ্ভত বি ভি এফ চি এলৰ অধ্যক্ষগৰাকীক অৱগত কৰাৰ পিছতো কোনো পদক্ষেপ নোলোৱা বুলি চি ভি চি ক দিয়া অভিযোগ পত্ৰত উল্লেখ আছে। সংবাদমেলত আছুৱে সমগ্ৰ বিষয়টো ৰাইজ, অসম চৰকাৰ আৰু কেন্দ্ৰীয় চৰকাৰক দৃষ্টিগোচৰ কৰাৰ লগতে উক্ত দুই ডিলাৰ আৰু বি ভি এফ চি এলৰ বিষয়া সুবোধ কুমাৰ সিঙক তদন্তৰ আওতাত ল'বলৈ কেন্দ্ৰীয় তদন্তকাৰী সংস্থাক দাবী জনোৱাৰ লগতে অসম চৰকাৰে আৰু কেন্দ্ৰীয় চৰকাৰে বিষয়টোৰ ওপৰত ব্যৱস্থা ল'বলৈ দাবী তোলে।
ইপিনে এই ক্ষেত্ৰত পূৰ্বে ডিলাৰশ্বিপ প্ৰদানৰ বিজ্ঞাপন দিয়া হয়। তাৰ পিছৰ পয্যায়ত বিভিন্ন পৰীক্ষা-নিৰীক্ষা কৰাৰ পিছতহে ডিলাৰ নিয়োজিত কৰা হয়। ইয়াৰ উপৰি এই নিৰ্বাচন প্ৰক্ৰিয়াত বিভিন্ন জাতি ভিত্তিতটো সা-সুবিধা প্ৰদান কৰাটোও আন এক নিয়ম। কিন্তু বৰ্তমান সকলো নিয়মৰ জ্বলাঞ্জলি দি কি ভিত্তিত ডিলাৰ নিয়োগ কৰিছে বুলিও প্ৰশ্ন কৰে আছুৱে। সেয়ে এই সমগ্ৰ বিষয়টো তদন্ত হ'ব লাগে বুলি দাবী আছুৰ। এই সংবাদমেলত নামৰূপ আছুৰ সাধাৰণ সম্পাদক অৰিন্দম ধাদুমীয়াৰ লগতে আঞ্চলিকৰ বিষয়ববীয়া উপস্থিত থাকে।