যোৰহাটত ১৩ বছৰ অনুৰ্ধ্ব য়ুথ লীগ ফুটবল আৰম্ভ...

উদ্বোধনী খেলত কাকজান উপ-ক্ৰীড়া সন্থাৰ জয়লাভ...
যোৰহাটত ১৩ বছৰ অনুৰ্ধ্ব য়ুথ লীগ ফুটবল আৰম্ভ...

ডিজিটেল সংবাদ, যোৰহাটঃ যোৰহাটত অনুষ্ঠিত ১৩ বছৰ অনুৰ্ধ্ব য়ুথ লীগ ফুটবল প্ৰতিযোগিতাত কাকজান উপ-ক্ৰীড়া সন্থা দলে জয়লাভ কৰিছে। যোৰহাট ষ্টেডিয়ামত জিলা ক্ৰীড়া সন্থাৰ উদ্যোগত শনিবাৰৰে পৰা আৰম্ভ হৈছে প্ৰয়াত অভিশেষ বৰা সোঁৱৰণীত ১৩ বছৰ অনুৰ্ধ্ব য়ুথ লীগ ফুটবল প্ৰতিযোগিতা।

শনিবাৰে উদ্ধোধনী খেলখনত নিবিৰ প্ৰতীম বৰগোহাঁইৰ হেট্ৰিকৰ সহায়ত কাকজান উপ-ক্ৰীড়া সন্থাই পূৱ যোৰহাট উপ-ক্ৰীড়া সন্থাক পৰাজিত কৰি লীগৰ সম্পূৰ্ণ পইণ্ট লাভ কৰিছে। উল্লেখযোগ্য যে, যোৰহাট জিলা ক্ৰীড়া সন্থাৰ সাধাৰণ সম্পাদক জুল খাউণ্ডে আঁত ধৰা উদ্ধোধনী অনুষ্ঠানত আদৰণি ভাষণ প্ৰদান কৰে যোৰহাট জিলা ক্ৰীড়া সন্থাৰ সভাপতি শান্তনু পূজাৰীয়ে।

আদৰণী ভাষণত সভাপতি গৰাকীয়ে কয় যে- ডনবস্ক হাইস্কুল বাঘচোঙত পঢ়ি থকা অৱস্থাতে ২০০৯ চনত এক পথ দূৰ্ঘটনাত অকাল মৃত্যুক সাৱটি লোৱা অভিশেষ বৰা সোঁৱৰণীত ১৩ বছৰ অনুৰ্ধ্ব য়ুথ ফুটবল লীগ প্ৰতিযোগিতাখনি অনুষ্ঠিত কৰা হৈছে। এই প্ৰতিযোগিতাখনিৰ পৰা আগন্তুক সময়ত বহু প্ৰতিভাবান ফুটবল খেলুৱৈ সৃষ্টি হ'ব বুলি আদৰণি ভাষণত বক্তব্য কৰে।

প্ৰতিযোগিতাখন উদ্ধোধন কৰে চি টি চি'ৰ অধ্যক্ষ বিজয় বৰুৱাই। আমন্ত্ৰিত অতিথি তথা দাতা পৰিয়ালবৰ্গ হৈ উপস্থিত থাকে প্ৰাক্তন ৰাজ্যিক ফুটবল খেলুৱৈ নবীন চন্দ্ৰ বৰাৰ উপৰিও যোৰহাট জিলা ক্ৰীড়া সন্থাৰ ফুটবল বিভাগৰ চেয়াৰমেন ললিত বৰা, উপ-সভাপতি দ্বিজেন শইকীয়া, ৰবীন শইকীয়া, জ্যেষ্ঠ সদস্য অমল বৰুৱা উপৰিও জিলা ক্ৰীড়া সন্থাৰ ভালেকেইগৰাকী বিষয়ববীয়া উপস্থিত থাকে।

আনহাতে দেওবাৰৰে পৰা পশ্চিম যোৰহাট ক্ৰীড়া সন্থা খেলপথাৰত আৰম্ভ হ'ব ১৭ বছৰ অনুৰ্ধ্ব য়ুথ ফুটবল লীগ প্ৰতিযোগিতাখনি। আন্তঃৰাষ্ট্ৰীয় ফুটবল খেলুৱৈ প্ৰয়াত নৃপেন সভাপণ্ডিতৰ সোঁৱৰণীত অনুষ্ঠিত হ'ব বুলি যোৰহাট জিলা ক্ৰীড়া সন্থাৰ ফুটবল বিভাগৰ সম্পাদক ফাইজ উদ্দিন আহমেদে জানিবলৈ দিছে।

বিয়লি ২.৩০ বজাৰ পৰা অনুষ্ঠিত হ'ব লগীয়া উদ্ধোধনী খেলত অংশ গ্ৰহণ কৰিব যোৰহাট টাউন ক্লাবে ৰঞ্জিত ক্লাবৰ বিৰুদ্ধে। ইফালে আজি এক প্ৰেছবিজ্ঞাপ্তি যোগে পশ্চিম যোৰহাট উপ-ক্ৰীড়া সন্থাৰ সভাপতি ৰবীন শইকীয়া আৰু সাধাৰণ সম্পাদক অজিত বৰাই জনাইছে আৰু উক্ত প্ৰতিযোগিতাখনিত অঞ্চলবাসী সমূহ ক্ৰীড়াপ্ৰেমী ৰাইজৰ সহায় সহযোগিতাৰ লগতে উপস্থিতি কামনা কৰিছে।

যোৰহাটত ১৩ বছৰ অনুৰ্ধ্ব য়ুথ লীগ ফুটবল আৰম্ভ...
হঠাৎ বিদ্যুতৰ খুঁটাত জুইঃ হুৱাদুৱা লাগিল ফুলনি চাৰিআলি...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in