/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-03/c866b1ff-0823-4fad-9041-56d0c007c562/baksha_14.jpg)
ডিজিটেল সংবাদ বাক্সাঃ সদৌ অসম ছাত্ৰ সন্থাৰ আহ্বানত জাতিধ্বংসী নাগৰিকত্ব সংশোধনী আইনৰ বিৰুদ্ধে আৰম্ভ কৰা আন্দোলনৰ অংশ স্বৰূপে আজি ৰাজ্যৰ প্ৰান্তে-প্ৰান্তে আঞ্চলিক ছাত্ৰ সন্থাসমূহে ৰাজহুৱা স্থানত ক'লা পতাকা উত্তোলন কৰিছে। বাক্সা জিলাৰ বাগানপাৰা আঞ্চলিক ছাত্ৰ সন্থা আৰু বাক্সা আঞ্চলিক ছাত্ৰ সন্থাই সদৌ অসম ছাত্ৰ সন্থাৰ আহ্বান মৰ্মে 'কা'ৰ বিৰোধিতাৰে বাগানপাৰা অঞ্চলৰ বিভিন্ন স্থানত আৰু মুছলপুৰ সদৰৰ বিভিন্ন স্থানত ক'লা পতাকা উৰুৱাই ।
আৰক্ষীৰ বাধা নেওচি আছুৰ সদস্যসকলে ক'লা পতাকা উৰুৱাই অতিশীঘ্ৰে 'কা' বাতিল কৰাৰ বাবে বিজেপি চৰকাৰক সকিয়নী প্ৰদান কৰে ।
Also Read: ঢকুৱাখনাৰ ৰাজপথত উৰিল ক'লা পতাকা...