অসম প্ৰিমিয়াৰ ক্লাব চেম্পিয়নশ্বিপৰ জয়হিন্দ ক্লাবৰ খিতাপ অৰ্জন

অসম প্ৰিমিয়াৰ ক্লাব চেম্পিয়নশ্বিপৰ জয়হিন্দ ক্লাবৰ খিতাপ অৰ্জন

author-image
Asomiya Pratidin
New Update
অসম প্ৰিমিয়াৰ ক্লাব চেম্পিয়নশ্বিপৰ জয়হিন্দ ক্লাবৰ খিতাপ অৰ্জন

ডিজিটেল সংবাদ, যোৰহাট: অসম ক্ৰিকেট সন্থাৰ সহযোগত যোৰহাট জিলা ক্ৰীড়া সন্থাৰ উদ্যোগত যোৰহাট ষ্টেডিয়াম আৰু অসম কৃষি বিশ্ববিদ্যালয়ৰ খেল পথাৰত অনুষ্ঠিত ষষ্ঠ অসম প্ৰিমিয়াৰ ক্লাব চেম্পিয়নশ্বিপ ২০২৩-২৪ত জয়হিন্দ ক্লাবে ৮ উইকেটত চেম্পিয়ন খিতাপ অৰ্জন কৰিছে। জয়হিন্দ ক্লাব আৰু টিন এজাৰ্ছ ক্লাবৰ মাজত অনুষ্ঠিত প্ৰতিযোগিতাখনিৰ মঙলবাৰে চূড়ান্ত খেলখনত টছত জিকি প্ৰথমে বেটিং কৰিবলৈ লৈ টিন এজাৰ্ছ ক্লাবে ঋতিক ঠাকুৰৰ ১৯ আৰু পাৰ্থ প্ৰতীম বৰাৰ ১৭ ৰাণৰ সহায়ত ২৮ অভাৰত আটাইকেইটা উইকেট হেৰুৱায় ৮৬ ৰান সংগ্ৰহ কৰে।

Advertisment

জয়হিন্দ ক্লাবৰহৈ দৰ্শৰথ কুমাৰে ৪ টা, দিপু শইকীয়া আৰু ইমতিয়াজ হুছেইনে ২ টাকৈ উইকেট লাভ কৰে। প্ৰত্যুত্তৰত জয়হিন্দ ক্লাবে ৰোহিত য়াদবৰ ৩২ আৰু মহম্মদ কাইফৰ ২৭ ৰাণৰ সহায়ত ১৮.১ অভাৰত ২টা উইকেটৰ বিনিময়ত বিজয় সাব্যস্ত কৰিবলৈ সক্ষম হয়।

টিন এজাৰ্ছৰ হৈ অংশুমান শৰ্মা আৰু জিতেন্দ্ৰ ঠাকুৰে ১ টাকৈ উইকেট দখল কৰে। চূড়ান্ত খেলখনত মেন অৱ দা মেছ সন্মান লাভ কৰে জয়হিন্দ ক্লাবৰ দৰ্শৰথ কুমাৰে, ইফালে প্ৰতিযোগিতাখনৰ মেন অৱ দা ছিৰিজ আৰু বেষ্ট বেটছমেন লাভ কৰে জয়হিন্দ ক্লাবৰ মহম্মদ কাইফে, বেষ্ট বলাৰ সন্মান লাভ কৰে টিন এজাৰ্ছ ক্লাবৰ অৰিন্দম কৌশিকে।

খেলৰ অন্তত ক্ৰিকেট বিভাগৰ চেয়াৰমেন ৰবীন শইকীয়াৰ সভাপতিত্ব অনুষ্ঠিত প্ৰতিযোগিতাখনৰ বঁটা বিতৰণী অনুষ্ঠানটি আঁতধৰে ক্ৰিকেট সম্পাদক দেৱৰ্ষি শৰ্মাই। বিজয়ী দল জয়হিন্দ ক্লাবক বঁটা আৰু এক লাখ টকা চেক্ প্ৰদান কৰে জিলা ক্ৰীড়া সন্থাৰ সভাপতি শান্তনু পূজাৰীয়ে। ৰানাৰ আপ দল টিন এজাৰ্ছ ক্লাবক বঁটা প্ৰদান কৰে জিলা ক্ৰীড়া সন্থাৰ সাধাৰণ সম্পাদক জুল খাউণ্ডে।

ইয়াৰ উপৰিও জিলা ক্ৰীড়া সন্থাৰ উপ-সভাপতি ললিত বৰা, দ্বিজেন শইকীয়া, কোষাধক্ষ্য নৱজিৎ বুঢ়াগোহাঁই কাৰ্যালয় সম্পাদক প্ৰীতম বৰা, প্ৰাক্তন ৰাজ্যিক ক্ৰিকেট খেলুৱৈ ৰবীন বৰুৱা আৰু কল্যাণ বৰুৱা লগতে জিলা ক্ৰীড়া সন্থাৰ ভালেকেইগৰাকী বিষয়ববীয়াও উপস্থিত থাকে।

Also Read: পুনৰ ওলাইছে চাকৰি! প্ৰধানমন্ত্ৰী মোডীয়ে বিতৰণ কৰিব নিযুক্তি পত্ৰ