কাপোৰ খোলাটো যদি অপসংস্কৃতি হয়, তেন্তে ইয়াৰ মূল বাহক ভূপেন বৰাঃ পীযুষ হাজৰীকা

কাপোৰ খোলাটো যদি অপসংস্কৃতি হয়, তেন্তে ইয়াৰ মূল বাহকভূপেন বৰাঃ পীযুষ হাজৰীকা

author-image
Asomiya Pratidin
New Update
কাপোৰ খোলাটো যদি অপসংস্কৃতি হয়, তেন্তে ইয়াৰ মূল বাহক ভূপেন বৰাঃ পীযুষ হাজৰীকা

ডিজিটেল ডেস্কঃ কাপোৰ খোলাটো যদি অপসংস্কৃতি হয়, এই অপসংস্কৃতিৰ মূল বাহক হ’ল ভূপেন বৰা। গৰুখুঁটিত বেদখলকাৰীক উচ্ছেদ কৰাৰ সময়ত ভূপেন বৰা ডাঙৰীয়াই নিজৰেই কাপোৰ ফালি দিছিল। মঙলদৈত তেওঁ কাপোৰ ফালি দিয়া নাছিল জানো? যদি কাপোৰ ফালাটো অপসংস্কৃতি হয়, এই অপসংস্কৃতিৰ মুখ্য বাহক ভূপেন বৰা ডাঙৰীয়া - সাংবাদিকৰ আগত এই মন্তব্য আগবঢ়ায় মন্ত্ৰী পীযুষ হাজৰীকাই।

Advertisment

তেওঁ আৰু কয় যে মই কেতিয়াও কাপোৰ ফালি দিম বুলি কোৱা নাই। মই কৈছিলো যে মই যদি মুখ খোলো, বহুতৰে গাত কাপোৰ নাথাকিব। মই কাৰো নাম লৈ কোৱা নাই। কিন্তু কোনোবাই যদি বুজি লৈছে মোৰে কাপোৰ নাইকিয়া হ’ব, তেন্তে মই কি কৰিম?

ভূপেন বৰাই মন্ত্ৰী পীযুষ হাজৰীকাক দুঃশাসন আখ্যা দিয়া সন্দৰ্ভত মন্ত্ৰীগৰাকীয়ে প্ৰতিক্ৰিয়া প্ৰকাশ কৰি কয় যে ভূপেন বৰা ডাঙৰীয়াই নিজেই এইবিলাক কথা কৈ কৈ নিজেই দুৰ্যোধন হ’ব, নিজেই দুঃশাসন হ’ব। ইলেকচনততো গম পাইয়ে যাব, আমিতো আছোৱেই আগত। ইলেকচনত আমি ১১ টা চিট জিকিম, ১২ টা চিটলৈকে যাম। আকৌ ২৬ত জিকিম। তেতিয়া গম পাব পাণ্ডৱ কোন, তেতিয়া গম পাব কৌৰৱ কোন! মহাভাৰতৰ জিকা পাৰ্টীটো পাণ্ডৱ হয়নে নহয়, গতিকে আমি জিকিম ভগৱানৰ আশীৰ্বাদত আমিয়েই পাণ্ডৱ হ’ম।

আনহাতে, তেওঁলোকৰ দিনতেই দিছপুৰ থানাত তেওঁলোকৰ দলৰ কৰ্মীয়ে তেওঁলোকৰ নেতৃত্বৰ বিৰুদ্ধে যৌন নিৰ্যাতনৰ গোচৰ দিছিল বুলি উল্লেখ কৰি মন্ত্ৰীগৰাকীয়ে যে মই নাম নকওঁ, তেওঁলোকৰ নেতৃত্বৰ বিৰুদ্ধে দলীয় কৰ্মীয়ে যৌন নিৰ্যাতনৰ গোচৰ দিছিল। ইপিনে, কংগ্ৰেছে বাগানে বাগানে গ্ৰহণ কৰা কাৰ্যসূচী সন্দৰ্ভত সাংবাদিকে সোধা প্ৰশ্নত মন্ত্ৰী পীযুষ হাজৰীকাই ওলোটাই বাগানৰ সভাত কেইশ মানুহ হৈছে বুলি প্ৰশ্ন কৰে। তেওঁ কয় যে প্ৰথম দিনা হৈছে ৩৫০, দ্বিতীয় দিনা হৈছে ১০০, তৃতীয় দিনা হৈছে ২৫০, কালি হৈছে ২০০ জন। গেৰেণ্টি দিম ইয়াতকৈ যদি বেছি মানুহ হৈছে। মইতো ডেইলী ৰিপ’ৰ্ট চাই আছো।

তেওঁ আৰু কয় যে ভূপেন বৰা ডাঙৰীয়াৰ ফেচবুক পেজ চাবচোন তাত পাব্লিকৰ ফটো নিদিয়ে, অকল ডাইচৰ ফটো দিয়ে। পাব্লিকৰ ফটো দিবলৈ ভয় খায়। ভূপেন বৰা ডাঙৰীয়াৰ ফেচবুক পেজ চাওক, কংগ্ৰেছৰ ফেচবুক পষ্ট চাওক, তাত পাব্লিকৰ ফটো নিদিয়ে, তাত অকল ডাইচৰ ফটো দিয়ে। আৰু সমদলৰ গায়ন-বায়নৰ ফটো দিয়ে, কিয় জানেনে গায়ন-বায়নতো দলৰ কৰ্মী নহয়, তেওঁলোকক কোনোবাই অৰিহনা দি মাতি আনে। বিহু নৃত্যৰ দলতো দলৰ কৰ্মী নহয়, তেওঁলোককো অৰিহনা দি মাতি আনে।

বাগানীয়া নৃত্যই কওক, আমাৰ জনগোষ্ঠীয় নৃত্যই হওক তেনেকুৱা ৪-৫টা মান দল আনে। তেনেকে ১৫ টা ১৫ টাকৈ ৬০ টা হৈ গ’ল, ভূপেন বৰাৰ লগত যায় ৫০ টা, ১১০ টা হৈয়ে গ’ল আৰু লোকেল ৫০ টা, ডেৰশ মানুহ খোজ কাঢ়িলেতো ৩০০ মিটাৰ দেখাই দিয়ে। সেইটোৰ ভিডিঅ’ দিয়ে, কিন্তু মিটিংখনৰ ফটো বা ভিডিঅ’ নিদিয়ে। মই ভূপেন বৰাক মিটিঙৰ ফটো বা ভিডিঅ’ দিবলৈ আহ্বান জনাইছো।

Also Read: ডিঙিত পাচলিৰ মালা পিন্ধি তৃণমূল কংগ্ৰেছৰ ধৰ্ণা আৰু বিক্ষোভ কাৰ্যসূচী

pijus hazarika bhupen bora