গাঁৱৰ বজাৰত শাক-পাচলি কিনিলে প্ৰদ্যুৎ বৰদলৈয়ে

গাঁৱৰ বজাৰত শাক-পাচলি কিনিলে প্ৰদ্যুৎ বৰদলৈয়ে

ডিজিটেল সংবাদ, বটদ্ৰৱাঃ থলুৱা শাক পাচলিৰ বজাৰত নগাঁও লোকসভা সমষ্টিৰ কংগ্ৰেছ দলৰ প্ৰাৰ্থী প্ৰদ্যুত বৰদলৈ। থলুৱা শাক পাচলি ক্ৰয় কৰি তৃপ্তি লাভ কৰিলে বৰদলৈয়ে। নিৰ্বাচনী প্ৰচাৰত শনিবাৰে বটদ্ৰৱা, ধিং অঞ্চলৰ বিভিন্ন ঠাইত সভা কৰি উভতি অহাৰ পথত বটদ্ৰৱাৰ শান্তিজান বজাৰত উপস্থিত হয় বৰদলৈ।

পূৰ্বৰ পৰা শুনি থকা বটদ্ৰৱাৰ ঐতিহাসিক বজাৰখনত সোমাই বিভিন্ন ক্ৰেতা-বিক্ৰেতাক লগ কৰি নিজৰ পৰিচয় দি নিৰ্বাচনৰ বাবে সহায় সহযোগিতা আৰু আশীৰ্বাদো বিচাৰিলে প্ৰদ্যুৎ বৰদলৈয়ে। পাছত সাংবাদিকক "গাঁৱৰ বজাৰত বজাৰ কৰি তৃপ্তি পাওঁ।" বুলি প্ৰকাশ কৰাৰ লগতে "ৰাইজৰ সঁহাৰি অভূতপূৰ্ব পাইছোঁ। বিজেপিৰ সুৰেশ বৰাৰ লগত মোৰ প্ৰতিদ্বন্দিতা হ'ব। এআইডিইউএফ দলে জিকিব নোৱাৰে বুলি নিজেওঁ জানে। অসমৰ মুখ্যমন্ত্ৰীয়ে নিজে এআইডিইউএফ দলৰ প্ৰাৰ্থী ঠিয় কৰাই যাতে ভোটৰ বিভাজন হয়।" বুলি মত প্ৰকাশ কৰে।

গাঁৱৰ বজাৰত শাক-পাচলি কিনিলে প্ৰদ্যুৎ বৰদলৈয়ে
'বড়ো ৰাইটাৰ্চ একাডেমী'ৰ প্ৰতিষ্ঠা দিৱস

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in