অস্ত্ৰোপচাৰ কৰিব লাগে সোঁ ভৰিৰ, কৰিলে বাওঁ ভৰিৰঃ যোৰহাট মেডিকেল কলেজ হাস্পতালত আজৱ ঘটনা...

অস্ত্ৰোপচাৰ কৰিব লাগে সোঁ ভৰিৰ, কৰিলে বাওঁ ভৰিৰঃ যোৰহাট মেডিকেল কলেজ হাস্পতালত আজৱ ঘটনা...
অস্ত্ৰোপচাৰ কৰিব লাগে সোঁ ভৰিৰ, কৰিলে বাওঁ ভৰিৰঃ যোৰহাট মেডিকেল কলেজ হাস্পতালত আজৱ ঘটনা...

ডিজিটেল ডেস্কঃ অপাৰেশ্যন কৰিব লাগে সোঁ ভৰিৰ কৰিলে বাওঁ ভৰিৰ। এই ঘটনা সংঘটিত হৈছে যোৰহাট চিকিৎসা মাহিবিদ্যালয়ত সংঘটিত হৈছে এই ঘটনা। ঘটনাক কেন্দ্ৰ কৰি সমগ্ৰ যোৰহাটতে তীব্ৰ চাঞ্চল্য।

দেৰগাঁৱৰ মিছামাৰীৰ কল্পজ্যোতি নেওগ নামৰ শিশুটিৰ সোঁ ভৰিত আছিল কিছু বিসংগতি। যাৰ বাবে চিকিৎসকে অস্ত্ৰোপচাৰ কৰাৰ বাবে পৰিয়ালক পৰামৰ্শ আগবঢ়ায়।

সেই পৰামৰ্শ অনুসৰিয়েই পৰিয়ালৰ লোকে যোৰহাট মেডিকেল কলেজ হাস্পতালত কল্পজ্যোতিৰ ভৰিৰ অস্ত্ৰোপচাৰ কৰিবলৈ ভৰ্তি কৰোৱায়। ৯ মাৰ্চ, বৃহস্পতিবাৰে কল্পৰ অস্ত্ৰোপচাৰো সম্পন্ন হৈ যায়।

অস্ত্ৰোপচাৰ সম্পন্ন হোৱাৰ পিছত কল্পজ্যোতিক অস্ত্ৰোপচাৰ কক্ষৰ পৰা বাহিৰলৈ উলিয়াই অনাৰ পিছত পৰিয়ালৰ লোকৰ চকু কপালত উঠিল। কিয়নো বিসংগতি আছিল সোঁ ভৰিৰ, অস্ত্ৰোপচাৰ হ'ল বাওঁভৰিৰ।

ফলত পৰিয়ালৰ লোকে মেডিকেল কলেজ হাস্পতালখনত হুলস্থুলীয়া পৰিৱেশৰ সূচনা কৰে। চিকিৎসকে নিজৰ ভুল জানিব পাৰি লগে লগে পুনৰ অস্ত্ৰোপচাৰ কক্ষলৈ কল্পজ্যোতিক লৈ যায় আৰু সোঁ ভৰিৰ অস্ত্ৰোপচাৰ সম্পন্ন কৰে।

লগতে চিকিৎসকে পৰিয়ালৰ লোকক জনায় যে, শিশুটিৰ দুয়োখন ভৰিৰে অস্ত্ৰোপচাৰ সম্পন্ন কৰাৰ প্ৰয়োজন আছিল। কিন্তু অস্ত্ৰোপচাৰ কৰাৰ পূৰ্বে এই কথা পৰিয়ালৰ লোকক অৱগত কৰা হোৱা নাছিল।

যাৰ বাবে এতিয়া সম্পূৰ্ণ ঘটনাক কেন্দ্ৰ কৰি বিতৰ্কৰ সূচনা হৈছে। কিয়নো যদিহে দুয়োখন ভৰিৰে অস্ত্ৰোপচাৰৰ প্ৰয়োজন আছিল তেন্তে বাওঁভৰিৰ অস্ত্ৰোপচাৰ সম্পন্ন কৰিয়েই কিয় বাহিৰলৈ উলিয়াই অনা হৈছিল?

ইফালে এই ঘটনাক গুৰুত্বহীন কৰাৰ ব্যৰ্থ চেষ্টা চলাইছে চিকিৎসা মহাবিদ্যালয়খনৰ অধীক্ষক ডাঃ পূৰ্ণিমা বৰুৱাই। তেওঁ এই সন্দৰ্ভত কয়, কেতিয়াবা এনে অস্ত্ৰোপচাৰৰ প্ৰয়োজন হয়।

কিন্তু অস্ত্ৰোপচাৰৰ পূৰ্বে পৰিয়ালৰ লোকক কিয় এই বিষয়ে অৱগত কৰা নহ'ল সেই বিষয়ে কোনো মন্তব্য কৰা নাই চিকিৎসালয় কৰ্তৃপক্ষই। অৱশ্যে অধীক্ষকগৰাকীয়ে এই সন্দৰ্ভত এক তদন্ত সমিতি গঠন কৰাৰ কথা উল্লেখ কৰিছে।

অস্ত্ৰোপচাৰ কৰিব লাগে সোঁ ভৰিৰ, কৰিলে বাওঁ ভৰিৰঃ যোৰহাট মেডিকেল কলেজ হাস্পতালত আজৱ ঘটনা...
গাৰ নোম শিয়ৰি উঠা হত্যাকাণ্ডই জোকাৰি গৈছে জামুগুৰিহাট

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in