গাৰ নোম শিয়ৰি উঠা হত্যাকাণ্ডই জোকাৰি গৈছে জামুগুৰিহাট

বকুল নাথৰ এই জঘন্য হত্যাকাণ্ডক এক পৰিকল্পিত হত্যাকাণ্ড বুলিও সন্দেহ প্ৰকাশ

author-image
Asomiya Pratidin
New Update
গাৰ নোম শিয়ৰি উঠা হত্যাকাণ্ডই জোকাৰি গৈছে জামুগুৰিহাট

ডিজিটেল সংবাদ,জামুগুৰিহাটঃ জীৱ শ্ৰেষ্ঠ মানুহৰ কৰ্ম-কাণ্ডই জোকাৰি গৈছে জামুগুৰিহাট। গাৰ নোম শিয়ৰি উঠা এক নৃশংস হত্যাকাণ্ড সংঘটিত হৈছে জামুগুৰিহাটত। এই হত্যাকাণ্ডই জোকাৰি গৈছে সমগ্ৰ জামুগুৰিহাট ৷

Advertisment

অঞ্চলটোৰ ওপৰ টলকাবাৰী গাঁও নিবাসী অগ্নি নিৰ্বাপক বাহিনীত কৰ্মৰত তিনি কন্যা সন্তানৰ পিতৃ বকুল বৰা নামৰ লোকজনক বৃহস্পতিবাৰে নিশা চোকা অস্ত্ৰৰে শৰীৰৰ বিভিন্ন স্থানত ঘপিয়াই হত্যা কৰি হত্যাকৰীয়ে পেলাই থৈ যায় গাঁৱখনৰ পথাৰৰ মাজত ৷

জানিব পৰা মতে বাৰেচহৰীয়া ভাওনাৰ শেষৰ দিনটোত পত্নীসহ দুই কন্যা সন্তান ভাওনাৰ সাংস্কৃতিক অনুষ্ঠান চাবলৈ যোৱাৰ বাবেই দ্বিতীয়া কন্যা সন্তানক পিতৃৰ লগত ঘৰতে থৈ গৈছিল পত্নীয়ে ৷ কিন্তু উভতি আহি স্বামীক ঘূৰাই নাপালে এইগৰাকী দুৰ্ভগীয়া পত্নীয়ে ৷

কোনোদিন ম’বাইলৰ চুইটছ অফ নথকা স্বামী বকুল বৰাক পত্নীয়ে যোগাযোগ কৰিবলৈ অহৰহ চেষ্টা কৰিও বিফল হৈছিল ৷ অৱশেষত শুকুৰবাৰে পুৱা পথাৰৰ মাজত ক্ষত- বিক্ষত অৱস্থাত মৃতদেহ উদ্ধাৰ হোৱাত শোকত বিহ্বল হৈ পৰাৰ লগতে হত্যাকৰীক কৰায়ত্ব কৰি ফাঁচি দিয়াৰ দাবী তুলিছে পত্নীয়ে ৷

ধেমাজিত কৰ্মৰত বকুল বৰা বাৰেচহৰীয়া ভাওনা উপলক্ষে নিজ গৃহলৈ ছুটিত আহি বৃহস্পতিবাৰে শেষৰ দিনটোত প্ৰথমে পত্নী-সন্তানক ভাওনাস্থলী পকামুৰা পথাৰলৈ পঠাই পত্নী ঘৰলৈ উভতি অহাৰ পিছত নিজে সাংস্কৃতিক অনুষ্ঠান চাবলৈও যোৱাৰ কথা আছিল ৷ গাঁৱখনৰে এগৰাকী লোকৰ লগত সন্ধিয়া একেলগে থকা প্ৰত্যক্ষ কৰা গাঁৱবাসীয়ে বকুল নাথৰ এই জঘন্য হত্যাকাণ্ডক এক পৰিকল্পিত হত্যাকাণ্ড বুলিও সন্দেহ প্ৰকাশ কৰিছে পৰিয়ালৰ লোকে ৷

ইতিমধ্যে এই নৃশংস হত্যাকাণ্ডৰ ঘটনাৰ লগত জড়িত তথা হত্যাকাৰীৰ সন্ধানত জামুগুৰি আৰক্ষীয়ে তীব্ৰ অভিযান অব্যাহত ৰাখিছে যদিও বৰ্তমালনৈকে সফল হোৱা নাই ৷ বাৰেচহৰীয়া ভাওনাৰ উলহ মালহৰ মাজতে সংঘটিত এই নৃশংস হত্যাকাণ্ডই সমগ্ৰ অঞ্চলটোতে চাঞ্চল্যৰ সৃষ্টি কৰিছে ৷

Also Read: শ্ৰমিকৰ প্ৰতিবাদত কঁপিল এন আৰ এলৰ প্ৰগতি দ্বাৰ

crime Assam police