যোৰহাটৰ জে.বি. বিশ্ববিদ্যালয়ত তিনি দিনীয়া আন্তৰাষ্ট্ৰীয় আলোচনা সত্ৰ আৰু কৰ্মশালা

যোৰহাটৰ জে.বি. বিশ্ববিদ্যালয়ত তিনি দিনীয়া আন্তৰাষ্ট্ৰীয় আলোচনা সত্ৰ আৰু কৰ্মশালা

author-image
Asomiya Pratidin
New Update
যোৰহাটৰ জে.বি. বিশ্ববিদ্যালয়ত  তিনি দিনীয়া আন্তৰাষ্ট্ৰীয় আলোচনা সত্ৰ আৰু কৰ্মশালা

ডিজিটেল সংবাদ, যোৰহাটঃ বুধবাৰে যোৰহাটৰ জগন্নাথ বৰুৱা বিশ্ববিদ্যালয়ত এখন তিনি দিনীয়া আন্তৰাষ্ট্ৰীয় আলোচনা সত্ৰ আৰু কৰ্মশালা অনুষ্ঠিত হয় ৷ বিশ্ববিদ্যালয় খনৰ ভু-তত্ত্ব বিভাগৰ সৈতে আমেৰিকা যুক্তৰাষ্ট্ৰৰ "জৰ্জিয়া ইনষ্টিটিউটত অৱ টেকনলজি" আৰু "ৱেষ্টাৰ্ন ৱাশ্বিংটন ইউনিভাৰচিটি"ৰ সৈতে সম্পাদন হোৱা শৈক্ষিক বুজাবুজিৰ চুক্তিৰ অন্তৰ্গত এই তিনিদিনীয়া কৰ্মশালা ৷

Advertisment

উদ্বোধনী অনুষ্ঠানত বিশ্ববিদ্যালয়ৰ হৈ মুৰব্বী ড° উৎপলজ্যোতি মহন্তই আদৰণি জনোৱাৰ পাচত ভু-তত্ব বিভাগৰ মুৰব্বী অধ্যাপক ড° নুৰুল আমিনে উদ্বোধনী বক্তব্য আগবঢ়ায় ৷ জৰ্জিয়া ইনষ্টিটিউটত অৱ টেকনলজিৰ ছাত্ৰ বিনিময় কাৰ্যসূচীৰ সঞ্চালক ড° কাৰ্ল লাঙে এটি ভিডিঅ' শুভেচ্ছা বাৰ্তা আগবঢ়োৱাৰ পাছত বেষ্টাৰ্ণ ৱাশ্বিংটন বিশ্ববিদ্যালয়ৰ অধ্যাপক ড° পল বেটকা আৰু জৰ্জিয়া ইনষ্টিটিউটত অৱ টেকনলজিৰ বিজ্ঞানী ড° এচলিন ৰেনল্ডে বক্তব্য আগবঢ়ায়৷

এই অনুষ্ঠানতে বিদ্যাৰ্থী বিনিময় কাৰ্যসূচীৰযোগে আমেৰিকাৰ বিশ্ববিদ্যালয়ত হ্ৰস্বকালীন অধ্যয়নৰ বাবে নিৰ্বাচিত হোৱা জগন্নাথ বৰুৱা বিশ্ববিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰী সকলক অভিভাৱক সকলৰ উপস্থিত আমন্ত্ৰণ পত্ৰ প্ৰদান কৰা হয়৷ ড° পল বেটকা আৰু ড° এচলিন ৰেনল্ডে সমল ব্যক্তি হিচাপে অংশ লোৱা আলোচনা সত্ৰ তথা কৰ্মশালা খনত বিভাগীয় ছাত্ৰ-ছাত্ৰীৰ লগতে ভাৰতৰ বিভিন্ন বিশ্ববিদ্যালয়ৰ বিদ্যাৰ্থী আৰু গৱেষকে অংশগ্ৰহণ কৰে৷ তিনিদিনীয়া কৰ্মশালাৰ অন্তত এটি ক্ষেত্ৰঅধ্যয়নৰ বাবে সমূহ গৱেষক কাষৰীয়া ৰাজ্য নাগালেণ্ডলৈ যাত্ৰা কৰিব৷

আমেৰিকাৰ বিশ্ববিদ্যালয় সমূহৰ লগত ভৱিষ্যতেও এনে শৈক্ষিক সহযোগিতাৰ যোগেদি নতুনকৈ উন্নীত জগন্নাথ বৰুৱা বিশ্ববিদ্যালয়ে ৰাজ্যখনৰ শৈক্ষিক জগতত ইতিবাচক পৰিবৰ্তন আনিবলৈ সক্ষম হ'ব বুলি সচেতন মহলে আশা কৰিছে৷

Also Read: ধন আৰু মন...

workshop