যোৰহাট বিজ্ঞান আৰু প্রযুক্তিবিদ্যা প্রতিষ্ঠানৰ অধ্যক্ষক অপসাৰণ

যোৰহাট বিজ্ঞান আৰু প্রযুক্তিবিদ্যা প্রতিষ্ঠানৰ অধ্যক্ষক অপসাৰণ

author-image
Asomiya Pratidin
New Update
যোৰহাট বিজ্ঞান আৰু প্রযুক্তিবিদ্যা প্রতিষ্ঠানৰ অধ্যক্ষক অপসাৰণ

ডিজিটেল ডেস্কঃ যোৰহাট বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যা প্ৰতিষ্ঠানৰ বহু বিতৰ্কিত অধ্যক্ষ ডঃ অতনু কুমাৰ দত্তক অধ্যক্ষ পদৰ পৰা অপসাৰণ কৰিছে। কাৰিকৰী উচ্চ শিক্ষা সঞ্চালকালয়ৰ সচিব স্বাক্ষৰিত এক নিৰ্দেশ অনুসৰি ডঃ অতনু কুমাৰ দত্তক যোৰহাট অভিযান্ত্ৰিক মহাবিদ্যালয়লৈ বদলিৰ নিৰ্দেশ দিয়ে।

Advertisment

ডঃ দত্তৰ স্থানত প্ৰতিষ্ঠানটোত ভাৰপ্ৰাপ্ত অধ্যক্ষ আসনত নিযুক্তি দিছে যোৰহাট অভিযান্ত্ৰিক মহাবিদ্যালয়ৰ ইলেকট্ৰিকেল ইঞ্জিনিয়াৰিং বিভাগৰ প্ৰবক্তা ডঃ আদিত্য বিহাৰ কন্দলিক। উল্লেখ্য যে প্ৰতিষ্ঠানটোৰ অপসাৰিত অধ্যক্ষ অতনু কুমাৰ দত্তৰ বিৰুদ্ধে বিভিন্ন অনিয়মৰ অভিযোগ উঠিছিল।

এনে অভিযোগৰ ভিত্তিত ২ আগষ্টত শিক্ষা মন্ত্ৰী ডাঃ ৰণোজ পেগুৰ নিৰ্দেশ মৰ্মে প্ৰতিষ্ঠানটোত উপস্থিত হৈছিল কাৰিকৰী উচ্চ শিক্ষা সঞ্চালকালয়ৰ সচিব আৰু সঞ্চালক দুগৰাকী। প্ৰতিষ্ঠানটোত উপস্থিত হৈ সঞ্চালক আৰু সচিবগৰাকীয়ে শিক্ষক, জাতীয় সংগঠনৰ প্ৰতিনিধিৰে মত বিনিময় কৰাৰ কালত ভাৰপ্ৰাপ্ত অধ্যক্ষগৰাকীৰ বিৰুদ্ধে সকলোৱে গুৰুতৰ অভিযোগ উত্থাপন কৰিছিল।

Also Read: দৰঙত 'হৰ ঘৰ ত্ৰিৰংগা' কাৰ্যসূচী উপলক্ষে মাৰাথান দৌৰ

Jorhat Institute of Science and Technology