ডিজিটেল সংবাদ, মঙলদৈ: 'হৰ ঘৰ তিৰংগা' কাৰ্যসূচীৰ অংশস্বৰূপে বুধবাৰে দৰং জিলাত এক মাৰাথান দৌৰ অনুষ্ঠিত হয়।এই মাৰাথান দৌৰ উদ্বোধন কৰি মঙলদৈ বিধানসভা সমষ্টিৰ বিধায়ক বসন্ত দাসে কয় যে এই কাৰ্যসূচী ৰূপায়নে নৱপ্ৰজন্মক দেশপ্ৰেম তথা ৰাষ্ট্ৰীয় চেতনাৰে উদ্ধুদ্ধ কৰিব। জাতিৰ পিতা মহামানৱ মহাত্মা গান্ধী আৰু স্বাধীনতা সংগ্ৰামৰ বীৰ সেনানীসকলৰ আদৰ্শ অনুসৰণ কৰি দেশৰ সামগ্ৰিক কল্যাণৰ বাবে নিজ নিজ ক্ষেত্ৰত আন্তৰিকতাৰে সেৱা আগবঢ়াবলৈ তেওঁ সকলোৰে প্ৰতি আহ্বান জনায়।
বুধবাৰে বিধায়ক বসন্ত দাস আৰু জিলা আয়ুক্ত মুনীন্দ্ৰ নাথ ঙাটেয়ে এই মাৰাথান দৌৰৰ শুভাৰম্ভ কৰে। শুভাৰম্ভণি অনুষ্ঠানত অতিৰিক্ত জিলা আয়ুক্ত গৌৰীপ্ৰিয়া দেউৰী, অতিৰিক্ত আয়ুক্ত ইহছানুল হুছেইন, জিলা প্ৰশাসনৰ বিভিন্ন বিভাগৰ বিষয়া-কৰ্মচাৰী উপস্থিত আছিল। এই মাৰাথান দৌৰত জিলাখনৰ বিভিন্ন স্থানৰ খেলুৱৈ তথা ছাত্ৰ-ছাত্ৰী আৰু ক্ৰীড়ানুৰাগীয়ে অংশগ্ৰহণ কৰে।