ব্ৰহ্মপুত্ৰকে ধৰি ৪ খন নদীৰ খহনীয়াৰ প্ৰতিৰোধ, দলং নিৰ্মাণৰ দাবীৰে মুখ্যমন্ত্ৰীলৈ স্মাৰকপত্ৰ...

ব্ৰহ্মপুত্ৰকে ধৰি ৪ খন নদীৰ খহনীয়াৰ প্ৰতিৰোধ, দলং নিৰ্মাণৰ দাবীৰে মুখ্যমন্ত্ৰীলৈ স্মাৰকপত্ৰ...

author-image
Asomiya Pratidin
New Update
ব্ৰহ্মপুত্ৰকে ধৰি ৪ খন নদীৰ খহনীয়াৰ প্ৰতিৰোধ, দলং নিৰ্মাণৰ দাবীৰে মুখ্যমন্ত্ৰীলৈ স্মাৰকপত্ৰ...

ব্ৰহ্মপুত্ৰকে ধৰি ৪ খন নদীৰ খহনীয়াৰ প্ৰতিৰোধ, দলং নিৰ্মাণৰ দাবীৰে মুখ্যমন্ত্ৰীলৈ স্মাৰকপত্ৰ...

ডিজিটেল সংবাদ চিলাপথাৰঃ মিচিং জাতীয় সংগঠন টি এম পিকে,এম এম কে আৰু টি এম এম কেৰ চিলাপথাৰ জিলা সমিতিয়ে শুকুৰবাৰে বিভিন্ন সমস্যাৰ সমাধানৰ দাবীত অসমৰ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মালৈ স্মাৰক পত্ৰ প্ৰদান কৰে। চিচিবৰ গাঁও ৰাজহ চক্ৰৰ ৰাজহ চক্ৰ বিষয়াৰ জৰিয়তে অসমৰ মুখ্যমন্ত্ৰীলৈ প্ৰেৰণ কৰা স্মাৰক পত্ৰত টি এম পি কেৰ কেন্দ্ৰীয় প্ৰচাৰ সম্পাদক হেমচন্দ্ৰ দলে, চিলাপথাৰ জিলা সমিতিৰ টি এম পি কেৰ সভাপতি ৰাজীৱ দলে, সম্পাদক মানস কুলি, এম এম কেৰ সভাপতি ৰাজু পেগু,সম্পাদক চিবিৰাম টাৱ,টি এম এম কেৰ সভানেত্ৰী গুণলতা মৰাং, সম্পাদিকা জয়া পেগুয়ে স্বাক্ষৰ কৰে।

Advertisment

স্মাৰক পত্ৰত মিচিং স্বায়ত্বশাসিত পৰিষদৰ ১০ নং পৰিষদীয় সমষ্টিৰ নিৰ্বাচন অনুষ্ঠিত কৰা, পানবাৰী মিচিং,সোণাৰি ঘাট অঞ্চলত ব্ৰহ্মপুত্ৰৰ বান- গহনীয়াৰ বিজ্ঞানসন্মত ভাৱে নিয়ন্ত্ৰণ কৰা,ডিমৌ,চিমেন, গাইনদীৰ দুয়োপাৰে খহনীয়াৰ প্ৰতিৰোধ কৰা,মৰিঢল বান্ধ, বৰমুকলিৰ পৰা চেচুদীঘলী,চিমেনমুখ তিনি আলিৰ পৰা কৰৈবাৰী সংযোগী পথৰ পকীকৰণ কৰা,আৰ্চি মাজৰবাৰীৰ পৰা কৰৈবাৰী হৈ কুলি বজাৰ পথৰ ডিমৌ নদীৰ ওপৰত দলং নিৰ্মাণ কৰা,মেছাকি টঙানি, চহবাৰী গাঁৱৰ মাজেৰে বৈ যোৱা টঙানি নদীৰ ওপৰত দলং নিৰ্মাণ কৰা দাবী সমূহ সন্নিৱিষ্ট আছে।

স্মাৰক পত্ৰৰ প্ৰতিলিপি ধেমাজি জিলাৰ উপায়ুক্তলৈ প্ৰেৰণ কৰা হয়।

Also Read: ৱাৰ্ম আপ, স্বাস্থ্য পৰীক্ষাৰ সময়ত মহিলা মল্লযুঁজাৰুৰ বুকুত হাত দিছিল ব্ৰীজ ভূষণে...

বানপানী খহনীয়া মচিং জাতীয় সংগঠন