পশ্চিম যোৰহাট উপ-ক্ৰীড়া সন্থাৰ ফুটবল প্ৰশিক্ষণ শিবিৰ সম্পন্ন

পশ্চিম যোৰহাট উপ-ক্ৰীড়া সন্থাৰ ফুটবল প্ৰশিক্ষণ শিবিৰ সম্পন্ন
Published on
Updated on

ডিজিটেল সংবাদ, যোৰহাটঃ লক্ষ্য য়ুথ লীগ ফুটবল প্ৰতিযোগিতাৰ। সেই লক্ষ্য আগত ৰাখিয়েই যোৰহাট জিলা ক্ৰীড়া সন্থাৰ পঞ্জীয়নভূক্ত উপ-ক্ৰীড়া সন্থা পশ্চিম যোৰহাট উপ-ক্ৰীড়া সন্থাই নিজা খেলপথাৰত দুদিনীয়া কাৰ্যসূচীৰে ১৩, ১৫ আৰু ১৭ বছৰ অনুৰ্ধ্ব ফুটবল প্ৰশিক্ষণ শিবিৰ আয়োজন কৰা প্ৰশিক্ষণ শিবিৰটিৰ দেওবাৰে সফলতাৰে সামৰণি পৰে।

এই প্ৰশিক্ষণৰ পৰাই যোৰহাট জিলা ক্ৰীড়া সন্থাই অহা ১০ আগষ্টৰ পৰা আয়োজন কৰিবলৈ লোৱা য়ুথ লীগ ফুটবল প্ৰতিযোগিতাৰ বাবে পশ্চিম যোৰহাট উপ-ক্ৰীড়া সন্থাই নিজা দল গঠন কৰিছে। পশ্চিম যোৰহাট উপ-ক্ৰীড়া সন্থাৰ সভাপতি ৰবীন শইকীয়া, সাধাৰণ সম্পাদক অজিত বৰা, উপ-সভাপতি বিৰেন বৰা লগতে কেইবাগৰাকীও বিষয়ববীয়া উপস্থিতিত প্ৰশিক্ষক হিচাপে উপস্থিত থাকে উগ্ৰজিৎ বৰুৱা আৰু বদন শইকীয়া।

উল্লেখযোগ্য যে, য়ুথ লীগ ফুটবলত অংশগ্ৰহণ কৰা মানসেৰে যোৰহাটৰ আন কেইবাটাও ক্লাব আৰু উপ-ক্ৰীড়া সন্থাই প্ৰাৰম্ভিক প্ৰস্তুতি চলায় বাচনি শিবিৰ আয়োজন কৰিছে। তাৰে ভিতৰত গোহাঁই টেকেলা ফুটবল ক্লাব, ৰমাকান্ত ফুটবল ক্লাব, নেপথ্য ক্লাব আদি কৰি বিভিন্ন দলে বিভিন্ন স্থানত বাচনি শিবিৰ আয়োজন কৰি আছে বুলি জানিব পৰা গৈছে।

পশ্চিম যোৰহাট উপ-ক্ৰীড়া সন্থাৰ ফুটবল প্ৰশিক্ষণ শিবিৰ সম্পন্ন
বিধায়ক নৱ দলেৰ "আধুনিক ঢকুৱাখনা" নিৰ্মাণৰ নমুনা

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in