যোৰহাট জিলা গ্ৰীষ্মকালীন ক্ৰিকেট শিবিৰৰ সামৰণি

যোৰহাট জিলা গ্ৰীষ্মকালীন ক্ৰিকেট শিবিৰৰ সামৰণি

ডিজিটেল সংবাদ,যোৰহাট : যোৰহাট জিলা ক্ৰীড়া সন্থাৰ ক্ৰিকেট বিভাগৰ তত্বাৱধানত অনুষ্ঠিত ১৫ দিনীয়া গ্ৰীষ্মকালীন ক্ৰিকেট প্ৰশিক্ষণ শিবিৰটি বৃহস্পতিবাৰে সামৰণি পৰে। সেয়ে যোৰহাট জিলা ক্ৰীড়া সন্থাৰ ক্ৰিকেট বিভাগৰ সভাপতি ৰবীন শইকীয়াৰ সভাপতিত্বত সামাৰণী অনুষ্ঠান অনুষ্ঠিত কৰা হয়।

সামৰণী অনুষ্ঠানত উপস্থিত থাকে যোৰহাট জিলা ক্ৰীড়া সন্থাৰ সাধাৰণ সম্পাদক জুল খাউণ্ড, কোষাধ্যক্ষ দেৱৰ্ষি শৰ্মাৰ লগতে জিলা ক্ৰীড়া সন্থাৰ কেইবাটাও বিভাগৰ বিষয়ববীয়া। অনুষ্ঠানৰ আঁত ধৰে জিলা ক্ৰীড়া সন্থাৰ ক্ৰিকেট বিভাগৰ সম্পাদক অজিত চেতীয়াই।

প্ৰায় শতাধিক খেলুৱৈয়ে অংশগ্ৰহণ কৰা প্ৰশিক্ষণ শিবিৰৰ প্ৰশিক্ষাৰ্থী খেলুৱৈসকলক জিলা ক্ৰীড়া সন্থাই প্ৰত্যেককে একোখনকৈ মানপত্ৰ প্ৰদান কৰে। প্ৰশিক্ষণ শিবিৰটিৰ সামৰণি অনুষ্ঠানত এন চি এ প্ৰশিক্ষক ভৱানী তাছা লগতে সহকাৰী প্ৰশিক্ষকৰূপে চাহাবুদ্দিন আহমেদ, ট্ৰেইনাৰ ৰূপে অংশুমান শৰ্মা উপস্থিতি থকাৰ উপৰি জিলা ক্ৰীড়া সন্থাৰ উপ-সভাপতি ললিত বৰা, সহকাৰী সম্পাদক অলক ঠাকুৰ আৰু কাৰ্যালয় সম্পাদক প্ৰীতম বৰা উপস্থিত থাকে।

যোৰহাট জিলা গ্ৰীষ্মকালীন ক্ৰিকেট শিবিৰৰ সামৰণি
সদৌ অসম নতুনকৈ প্ৰাদেশিকৃত মধ্য ইংৰাজী বিদ্যালয়ৰ চতুৰ্থ বৰ্গৰ কৰ্মচাৰী সন্থাৰ সভা

Related Stories

No stories found.
logo
Asomiya Pratidin
www.asomiyapratidin.in