/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-07/3cf9f121-5d5b-4411-b966-2bcbf203867d/all_assam.jpg)
ডিজিটেল সংবাদ,বটদ্ৰৱা : সদৌ অসম নতুনকৈ প্ৰাদেশিকৃত মধ্য ইংৰাজী বিদ্যালয়ৰ চতুৰ্থ বৰ্গৰ কৰ্মচাৰী সন্থাৰ সভা। ২০২১ চনতে প্ৰতিষ্ঠা কৰা এই সন্থাৰ উদ্যোগত ৬ আগষ্টত এক সভাৰ আয়োজন কৰা হৈছে। গুৱাহাটীৰ চানমাৰিস্থিত শিক্ষক ভৱনত এই সভা অনুষ্ঠিত কৰা হ'ব।
উদ্যোক্তাই জনোৱা অনুসৰি সন্থাৰ নৱগঠিত ৰাজ্যিক সমিতিৰ উপদেষ্টা মণ্ডলী, বিষয়ববীয়াৰ লগতে বিভিন্ন জিলাৰ সভাপতি,সম্পাদকৰ উপৰি বিভিন্ন সচেতন সহকৰ্মীৰ আলোচনামৰ্মে এই সভা আহ্বান কৰা হৈছে। সেয়ে অহা ৬ আগষ্ট দেওবাৰে দিনৰ ১০:০০ বজাত গুৱাহাটীৰ চান্দমাৰীস্থিত অসম ৰাজ্যিক প্ৰাথমিক শিক্ষক সন্মিলনীৰ কাৰ্যালয় (শিক্ষক ভৱন)ত এই সভা অনুষ্ঠিত কৰা হ'ব।
এই সভাৰ উদ্দেশ্য হ'ল- সন্থাৰ বিষয়ববীয়া আৰু সদস্যসকলৰ লগতে মহামান্য গুৱাহাটী উচ্চ ন্যায়লয়ত গোচৰ ৰুজু কৰা চতুৰ্থ বৰ্গ কৰ্মচাৰীসকলৰ মাজত যৌথভাৱে এখনি অতি গুৰুত্বপূৰ্ণ সাধাৰণ সভা আহ্বান কৰা। গতিকে উক্ত সভাত ন্য়ায়ালয়ত গোচৰ ৰুজু কৰা মধ্য ইংৰাজী বিদ্যালয়ৰ প্ৰতিজন চতুৰ্থ বৰ্গ কৰ্মচাৰীৰ লগতে সন্থাৰ বিষয়ববীয়া আৰু সদস্যৰ নিশ্চিত উপস্থিত শ্ৰদ্ধাৰে কামনা সন্থাৰ সভাপতি প্ৰমুখ্যে সম্পাদকে।
Also Read: গোলাঘাটৰ ত্ৰিপল মাৰ্ডাৰ কাণ্ড : অভিযুক্ত নজিবুৰৰ মাতৃ-ভাতৃক গ্ৰেপ্তাৰ