যোৰহাট জিলা আন্তঃক্লাব কাৰাটে প্ৰতিযোগিতা সম্পন্ন...

যোৰহাট জিলা আন্তঃক্লাব কাৰাটে প্ৰতিযোগিতা সম্পন্ন...

author-image
Asomiya Pratidin
New Update
যোৰহাট জিলা আন্তঃক্লাব কাৰাটে প্ৰতিযোগিতা সম্পন্ন...

যোৰহাট জিলা আন্তঃক্লাব কাৰাটে প্ৰতিযোগিতা সম্পন্ন...

ডিজিটেল সংবাদ যোৰহাটঃ যোৰহাট জিলা কাৰাটে সন্থাৰ উদ্যোগত যোৰহাট ষ্টেডিয়ামত অনুষ্ঠিত হোৱা আন্ত:ক্লাব কাৰাটে প্ৰতিযোগিতাখনি সফলতাৰে সামৰণি পৰিছে। যোৰহাট ষ্টেডিয়ামত প্ৰাংগনত ৪, ৫ আৰু ৬ আগষ্টত অনুষ্ঠিত হোৱা প্ৰতিযোগিতাখনত যোৰহাট জিলাৰ ২৪ ক্লাবৰ পৰা মুঠ ৫৫০ গৰাকী খেলুৱৈয়ে অংশগ্ৰহণ কৰে।

Advertisment

প্ৰতিযোগিতাখনৰ প্ৰথম দিনা ৫ আগষ্টত ৭ বছৰ পৰা ১২ বছৰ অনুৰ্ধ্ব খেলুৱৈসকলৰ মাজত কাটা আৰু কুমিটে দুয়োটা শাখাত অনুষ্ঠিত হয়। ৬ আগষ্টত ছাব-জুনিয়ৰ আৰু ছিনিয়ৰৰ খেলসমূহ অনুষ্ঠিত হয়। সেই দিনাই নিশাৰ ভাগত প্ৰতিযোগিতাখন সামৰণি পৰে।

এইবাৰ প্ৰতিযোগিতাখনিত প্ৰথমবাৰৰ বাবে টীম কাটা আৰু টীম কুমিটে খেলসমূহ অনুষ্ঠিত হয়। প্ৰতিযোগিতাত শ্ৰেষ্ঠ টীম হিচাপে বিবেচিত হয় চেন্ট্ৰেল ক্লাব যোৰহাট। দ্বিতীয় শ্ৰেষ্ঠ টীম হিচাপে বিবেচিত হয় কায়ষ্ট বাহনা।

উল্লেখযোগ্য যে, প্ৰথমবাৰৰ বাবে এই খেলখন গুৱাহাটী খেল পৰিচালকৰ পৰিচালনা কৰা হয়। সামৰণি অনুষ্ঠানত মুখ্য অতিথি হিচাপে উপস্থিত থাকি যোৰহাট বিধানসভা সমষ্টিৰ বিধায়ক হিতেন্দ্ৰ নাথ গোস্বামীয়ে খেলুৱৈসকলক উদ্দেশ্য কৰি বক্তব্য প্ৰদান কৰে।

ইয়াৰ উপৰিও অধ্যাপক যোগানন্দন বড়া, অধ্যাপক ড০ হৰেশ্বৰ দাস, জিলা ক্ৰীড়া সন্থাৰ উপ-সভাপতি ৰিতুৰাজ বড়া, পশ্চিম যোৰহাট কাৰাটে একাডেমী সভাপতি বুল শইকীয়াই উপস্থিতি থাকে।

Also Read: কাজিৰঙাত নৱম হস্ততাঁত দিৱস উদযাপন...

কাৰাটে প্ৰতিযোগিতা