/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-08/3c66a974-3afe-467b-8723-9e6ea52f3f6a/kazironga_07.jpg)
কাজিৰঙাত নৱম হস্ততাঁত দিৱস উদযাপন...
ডিজিটেল সংবাদ কাজিৰঙাঃ আজি নৱম ৰাষ্ট্ৰীয় হস্ততাতঁ দিৱস। সমগ্ৰ দেশৰ লগতে কাজিৰঙাতো উদযাপন কৰা হ'ল ৰাষ্ট্ৰীয় হস্ততাঁত দিৱস ৷
কাজিৰঙাৰ হস্ততাতঁ শিল্প পৰ্যটন গাঁৱৰ তিনি শতাধিক মহিলাৰ উপস্থিতিত বন বিভাগৰ পৰমানন্দ লাহন প্ৰেক্ষাগৃহত বিভিন্ন কাৰ্য্যসূচীৰে উদযাপন কৰা হৈছে এই দিৱস ৷
কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ সঞ্চালক যতীন্দ্ৰ শৰ্মা মুখ্য অতিথি হিচাপে উপস্থিত থকা অনুষ্ঠানটোত সুবৰ্ণা শইকীয়া বৰদলৈয়ে উপস্থিত থকা মহিলাসকলক মানপত্ৰ-গামোছাৰে পুৰস্কৃত কৰে ৷
একে অনুষ্ঠানতে প্ৰধানমন্ত্ৰীয়ে দিল্লীত কেন্দ্ৰীয়ভাৱে আয়োজিত কৰা অনুষ্ঠান উপভোগ কৰোৱা হয় মহিলাসকলক।
Also Read: যাৰ জীৱনক লৈ তথ্যচিত্ৰ নিৰ্মাণ কৰি অস্কাৰ জিনিলে তেওঁলোকেই নাপালে পাৰিশ্ৰমিক !