/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-07/89eb3eac-3c4f-4881-91c1-d1c4a4c47689/jorhat.jpg)
ডিজিটেল খেল সংবাদ,যোৰহাট : য়ুথ বক্সিং চেম্পিয়নশ্বিপত যোৰহাট জিলা এমেছাৰ বক্সিং সন্থাৰ সাফল্য। সদ্যসমাপ্ত চৰাইদেউ জিলাৰ কচুমাৰিত অনুষ্ঠিত ৪৩ সংখ্যক সদৌ অসম আন্তঃজিলা চাব-জুনিয়ৰ আৰু য়ুথ বক্সিং চেম্পিয়নশ্বিপ ২০২৩ প্ৰতিযোগিতাখনত যোৰহাট জিলা এমেছাৰ বক্সিং সন্থা দলটোৱে ৬টা পদক অৰ্জন কৰিবলৈ সক্ষম হৈছে।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-07/b3ef338d-a5f4-485d-8ffa-dc7469fccf30/836faefa_6392_4660_b91a_4bfb5c9761be.jpg)
১৮ জুলাইৰ পৰা ২১ জুলাইলৈকে অনুষ্ঠিত হোৱা প্ৰতিযোগিতাখনত যোৰহাট জিলা এমেছাৰ বক্সিং সন্থাৰ পৰা ১১ জন ল'ৰা-ছোৱালী উভয় বক্সাৰে প্ৰতিনিধিত্ব কৰিছিল।এইসকল খেলুৱৈৰ ভিতৰত যোৰহাট জিলা বক্সিং দলটোৱে ৩টা সোণ, ২টা ৰূপ আৰু এটা ব্ৰঞ্জসহ মুঠ ৬টা পদক অৰ্জন কৰিবলৈ সক্ষম হয়।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-07/59db3c72-4b32-4da0-bc5e-0ec1e8c2a5c4/5fd75b1b_8f87_4c77_8f76_4a752d5d81c4.jpg)
উল্লেখ্য যে, প্ৰতিযোগিতাখনত যোৰহাট দলটোৰ ৫জন বক্সাৰে ফাইনেলত প্ৰৱেশ কৰিছিল। ইয়াৰে বিভিন্ন শাখাত কেউগৰাকীয়ে পদক অৰ্জন কৰিবলৈ সক্ষম হয়। ল'ৰা-ছোৱালী উভয় শাখাতে অনুষ্ঠিত প্ৰতিযোগিতাখনত চাব-জুনিয়ৰ ছোৱালীৰ ৫২ কেজি শাখাত নাং আদ্ৰশিনী চাংমাই আৰু ৬৪ কেজি শাখাত অভিলাষা খাউণ্ডে সোণৰ পদক অৰ্জন কৰে।
চাব-জুনিয়ৰ ল'ৰাৰ ৬১ কেজি শাখাত অঙ্ক্ৰিত ভৰালীয়ে ৰূপৰ পদক অৰ্জন কৰাৰ লগতে চাব-জুনিয়ৰ ল'ৰাৰ ৪৬ কেজি শাখাত আদিত্য ৰাজবংশীয়ে ব্ৰঞ্জৰ পদক লাভ কৰিছে।
ইয়াৰোপৰি য়ুথ অ'মেনছৰ ৬৬ কেজি শাখাত সোণৰ পদক অৰ্জন কৰিছে বিদিশা বৰুৱাই। য়ুথ মেনছৰ ৫১ কেজি শাখাত ৰোহান চেত্ৰীয়ে ৰূপৰ পদক অৰ্জন কৰে।
উল্লেখযোগ্য যে প্ৰতিযোগিতাখনত চাব-জুনিয়ৰ ছোৱালীৰ শাখাত যোৰহাট দলটোৰ নাং আদ্ৰশিনী চাংমাইয়ে শ্ৰেষ্ঠ বক্সাৰ আৰু য়ুথ মেনছৰ শাখাত ৰোহান চেত্ৰীয়ে প্ৰমিছিঙ সন্মান লাভ কৰি যোৰহাটলৈ গৌৰৱ কঢ়িয়াই আনে। দলটোৰ এই সফলতাৰ আঁৰত থকা দলটোৰ প্ৰশিক্ষক গণেশ ৰাণাক সন্থাই ধন্যবাদ জ্ঞাপন জনোৱাৰ লগতে সমূহ খেলুৱৈকে সন্থাৰ তৰফৰ পৰা সম্পাদক বিদ্যুৎ ফুকনে আন্তৰিক অভিনন্দন জনায়।
Also Read: ডবকাত যাত্রীবাহী বাছত আক্রমণ অস্ত্রধাৰী দুৰ্বৃত্তৰ...