/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-01/9befcaa8-6305-4421-8169-027d7b30a781/jorhat_7.jpg)
যোৰহাটৰ বিস্ফোৰণৰ সৈতে জড়িত পুনৰ দুই আলফা( স্বাধীন) ৰ লিংকমেন গ্ৰেপ্তাৰ...
ডিজিটেল সংবাদ যোৰহাটঃ বিগত বৰ্ষৰ ১৪ ডিচেম্বৰত যোৰহাটৰ লিচুবাৰীৰ সেনা ছাউনীত সংঘটিত বোমা বিস্ফোৰণৰ লগত জড়িত আৰু দুুজন সন্দেহযুক্ত আলফা (স্বাধীন)ৰ লিংকমেনক যোৰহাট আৰক্ষীয়ে আজি কৰায়ত্ত কৰিছে। শিৱসাগৰ জিলাৰ ডিমৌ আৰক্ষী থানাৰ অন্তৰ্গত অঞ্চলৰ পৰা গ্ৰেপ্তাৰ কৰা ব্যক্তি দুজন হ'ল ৰাজপাল গগৈ আৰু বিপ্লৱ বৰুৱা।
পূৰ্বতে এই ঘটনাটোৰ লগত জড়িত থকাৰ অপৰাধত তিতাবৰৰপৰা গ্ৰেপ্তাৰ কৰা বিৰাজ কছাৰী আৰু অচ্যুত গগৈৰ স্বীকাৰোক্তিৰ ভিত্তিত এক গোপন স্থানৰপৰা গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয়। এই দুগৰাকী ধৃত সদস্যই বোমা বিস্ফোৰণ সংঘটিত কৰিবলৈ বিৰাজ কছাৰীৰ বেংক একাউণ্টত পাঁচহাজাৰ টকা দিয়াৰ লগতে টিয়কৰ ৰাজমাই অঞ্চলত দুটা গ্ৰেণেড যোগান ধৰিছিল।
তেওঁলোকে যোগান ধৰা গ্ৰেণেড দুটাৰেই যোৰহাটৰ সেনা ছাউনীত বোমা বিস্ফোৰণ সংঘটিত কৰিছিল বুলি আৰক্ষীৰ সূত্ৰত প্ৰকাশ।
Also Read: নগাঁৱৰ নৰখাদক বাঘৰ শেহতীয়া স্থান হালোৱাগাঁও ! পহৰাৰ ব্যৱস্থা...