Advertisment

নগাঁৱৰ নৰখাদক বাঘৰ শেহতীয়া স্থান হালোৱাগাঁও ! পহৰাৰ ব্যৱস্থা...

নগাঁৱৰ নৰখাদক বাঘৰ শেহতীয়া স্থান হালোৱাগাঁও ! পহৰাৰ ব্যৱস্থা...

author-image
Asomiya Pratidin
New Update
নগাঁৱৰ নৰখাদক বাঘৰ শেহতীয়া স্থান হালোৱাগাঁও ! পহৰাৰ ব্যৱস্থা...

নগাঁৱৰ নৰখাদক বাঘৰ শেহতীয়া স্থান হালোৱাগাঁও ! পহৰাৰ ব্যৱস্থা...

ডিজিটেল সংবাদ চামগুৰিঃ নগাঁৱৰ বিভিন্ন প্ৰান্তত সন্ত্ৰাসৰ সৃষ্টি কৰা নৰখাদক বাঘটোৰ শেহতীয়া অৱস্থান সন্দৰ্ভত বনবিভাগে মন্তব্য কৰিছে। শেহতীয়াকৈ ভেৰভেৰী বকুলতলত বাঘৰ খোজ প্ৰত্যক্ষ কৰি স্থানীয় লোক আতংকিত হৈ পৰিছে।

Advertisment

ইয়াৰ পাছতে বন বিভাগৰ লোকে নিৰীক্ষণ কৰি বাঘটো বকুলতলৰ পৰা হালোৱা গাঁৱৰ দিশে যোৱা বুলি সন্দেহ প্ৰকাশ কৰে। সেয়ে এতিয়া ভয়ত ফুট গধুলিতে ঘৰত সোমাই পৰিছে হালোৱা গাঁৱৰ ৰাইজ।

হালোৱা গাঁৱত বাঘৰ উপস্থিতি নিশ্চিত হোৱাৰ পাছতে নিতৌ ব্যস্ত হৈ থকা হালোৱা গাঁও চাৰিআলিত নাই ব্যস্ততা। দোকান পোহাৰ বন্ধ কৰি সোমাই পৰিল ঘৰৰ ভিতৰত। অৱশ্যে বন বিভাগৰ লোকৰ লগত সহায়ৰ বাবে ওলাই আহিল একাংশ সচেতন লোক।

বাঘটোৰ খোজ দেখি প্ৰাথমিক অনুসন্ধানৰ পাছত হালোৱাগাওঁ অঞ্চলতে বাঘটোৰ উপস্থিতি নিশ্চিত কৰিছে বন বিভাগে । ফলত নিশা আৰক্ষী প্ৰশাসনৰ তৰফৰ পৰা পহৰা দিয়াৰ ব্যৱস্থা কৰিব বুলি আশ্বাস দিয়ে নগাঁও সদৰ আঞ্চলিক বন বিষয়াই।

Also Read: ধেমাজি জীয়াঢল বনাঞ্চলত বিধংসী অগ্নিকাণ্ড...

চামগুৰি বাঘৰ আক্ৰমণ