যোৰহাটৰ বিস্ফোৰণ আৰু শূন্যলৈ গুলীচালনাৰ ঘটনাঃ টীয়কৰ যুৱকক আটক...

যোৰহাটৰ বিস্ফোৰণ আৰু শূন্যলৈ গুলীচালনাৰ ঘটনাঃ টীয়কৰ যুৱকক আটক...
যোৰহাটৰ বিস্ফোৰণ আৰু শূন্যলৈ গুলীচালনাৰ ঘটনাঃ টীয়কৰ যুৱকক আটক...

ডিজিটেল ডেস্কঃ বৃহস্পতিবাৰে সন্ধিয়া যোৰহাট জিলাত সংঘটিত হৈছিল বিস্ফোৰণ আৰু শূন্যলৈ গুলীচালনা কৰাৰ ঘটনা। সন্ধিয়া প্ৰায় ৭.৩০ বজাত যোৰহাটৰ সেনাৰ ৪১ ছাব এৰিয়াৰ ন-আলিৰ কাষত থকা প্ৰৱেশ পথত এক গ্ৰেণেড বিস্ফোৰণৰ ঘটনা সংঘটিত হোৱাৰ বিপৰীতে টীয়কৰ কাকজানৰ বামকুকুৰাচোৱাত সংঘটিত হৈছিল শূন্যলৈ গুলীচালনা কৰাৰ ঘটনা।

এই গ্ৰেণড বিস্ফোৰণৰ ঘটনাৰ দায়িত্ব আলফাই স্বীকাৰ কৰিছে যদিও শূন্যলৈ গুলীচলোৱা ঘটনাৰ সৈতে কোন জড়িত সেই বিষয়ে এতিয়ালৈকে কোনো কথা স্পষ্ট হোৱা নাই। তাৰ মাজতে টীয়কৰ এজাৰগুৰিৰ এজন যুৱকক আৰক্ষীয়ে বৃহস্পতিবাৰে নিশাই আটক কৰা ঘটনাই এতিয়া ব্যাপক চাঞ্চল্য সৃষ্টি কৰিছে।

জানিব পৰা মতে টীয়কৰ এজাৰগুৰিৰ অৰিন্দম বৰা নামৰ যুৱকজনক নিশা টীয়ক আৰক্ষীয়ে আটক কৰিছে। যোৰহাটত সংঘটিত হোৱা দুয়োটা ঘটনাৰ পাছতে অৰিন্দম বৰাই সামাজিক মাধ্যম ফেচবুকত কৰিছিল কিছু আপত্তিজনক মন্তব্য। কেৱল সেয়াই নহয় কিছুদিন ধৰি তেওঁ সামাজিক মাধ্যমত আপত্তিজনক পোষ্ট কৰি আহিছিল।

তাৰ ভিত্তিতে আৰক্ষীয়ে তেওঁক আটক কৰিছে। ইফালে আজিৰ পৰা দুটা বছৰ আগতে অৰিন্দম বৰাই আলফাত যোগদানৰ চেষ্টা কৰিছিল। সেইবাৰ তেওঁক নাগালেণ্ডৰ পৰা গ্ৰেপ্তাৰ কৰা হৈছিল। পৰৱৰ্তী সময়ত প্ৰশাসনে শাস্তি বিহাৰ লগতে কাউন্সেলিং কৰি পৰিয়ালক চমজাই দিছিল।

বৃহস্পতিবাৰে নিশাই আটক কৰা অৰিন্দমক নিশাটো টীয়ক আৰক্ষী থানাতে ৰাখি সোধ-পোছ কৰাৰ পাছত শুকুৰবাৰে পুৱা যোৰহাট আৰক্ষী থানালৈ লৈ যোৱা হৈছে। ইফালে অৰিন্দমৰ পিতৃয়ে সংবাদ মাধ্যমৰ আগত জনোৱা অনুসৰি মূলতঃ ফেচবুকত কৰা মন্তব্যৰ বাবেই তেওঁক আটক কৰা হৈছে।

তেওঁ জনোৱা অনুসৰি ২০ বছৰীয়া যুৱক অৰিন্দম দুবছৰৰ পূৰ্বে সংঘটিত হোৱা ঘটনাৰ পাছৰে পৰা ঘৰতে থাকি খেতি খোলাত ব্যস্ত হৈ পৰিছিল। এই সময়ছোৱাত তেওঁৰ কোনোধৰণৰ আপত্তিজনক আচৰণ পিতৃ, মাতৃয়ে প্ৰত্যক্ষ কৰা নাই বুলিও জনাইছে। সেয়েপুত্ৰক বিনা দোষত হাৰাশাস্তি নকৰিবলৈও তেওঁ আহ্বান জনাইছে।

যোৰহাটৰ বিস্ফোৰণ আৰু শূন্যলৈ গুলীচালনাৰ ঘটনাঃ টীয়কৰ যুৱকক আটক...
পুনৰ সক্ৰিয় আলফ(স্বা)! যোৰহাটৰ সেনা ছাউনীত গ্ৰেনেড বিস্ফোৰণ

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in