পুনৰ সক্ৰিয় আলফ(স্বা)! যোৰহাটৰ সেনা ছাউনীত গ্ৰেনেড বিস্ফোৰণ

পুনৰ সক্ৰিয় আলফ(স্বা)!  যোৰহাটৰ সেনা ছাউনীত গ্ৰেনেড বিস্ফোৰণ

ডিজিটেল ডেস্কঃ পুনৰ উজনি অসমত সক্ৰিয় নিষিদ্ধঘোষিত সংগঠন আলফা(স্বা)। ১৪ ডিচেম্বৰৰ সন্ধিয়া প্ৰায় ৭.৩০ বজাত এক গ্ৰেনেড বিস্ফোৰণৰ ঘটনাই জোকাৰি যায় যোৰহাট সেনাৰ ফৰ্টি ৱান ছাব এৰিয়াৰ ন-আলিৰ কাষত থকা প্ৰৱেশ পথ। এই প্ৰৱেশ পথৰ নিচেই ওচৰত সংঘটিত হয় গ্ৰেনেড বিস্ফোৰণৰ ঘটনা।

সন্দেহ কৰা মতে এটা গ্রেনেড ন-আলিৰ পৰা সেনা ছাউনীৰ দেৱালৰ ভিতৰলৈ দলিয়াই দিয়া হৈছিল। এজোপা নাৰিকল গছৰ ওচৰতে হোৱা এই বিস্ফোৰণত সমগ্র লিচুবাৰী অঞ্চলটো কঁপি উঠে। অৱশ্যে কোনোলোক হতাহত হোৱা নাই এই বিস্ফোৰণত।

লিচুবাৰী অঞ্চলত এই বিস্ফোৰণৰ পিচতে প্ৰায়বোৰ দোকান-পোহাৰ বন্ধ হৈ পৰে। ইতিমধ্যে আৰক্ষীৰ লগতে সেনাবাহিনীৰ উচ্চপদস্থ বিষয়া ঘটনা সন্দৰ্ভত তদন্ত কৰি আছে।

আনহাতে এই সমগ্ৰ ঘটনাৰ দায়িত্ব আলফাই স্বীকাৰ কৰা বুলি জানিব পৰা গৈছে। সংবাদ মাধ্যমলৈ ফোন কৰি আলফা(স্বা)ৰ সেনাধ্যক্ষ পৰেশ বৰুৱাই এই দায়িত্ব গ্ৰহণ কৰে।

আনহাতে এই বিস্ফোৰণৰ পূৰ্বে প্রায় ৬.৩০ বজাত যোৰহাট কাকজানৰ বাঘ কুকুৰাচোৱা অঞ্চলতো কোনো অজ্ঞাত লোকে শূন্যলৈ তিনি ৰাউণ্ড গুলীচালনা কৰে। জানিব পৰামতে এ টি ৰোডৰ পৰা এক কিলোমিটাৰ নিলগত মটৰ চাইকেলত অহা কোনো লোকে শূন্যলৈ তিনি ৰাউণ্ড গুলীচালনা কৰি উধাও হয়। এই ঘটনাই অঞ্চলটোত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে।

ইয়াৰ পূৰ্বে ৯ ডিচেম্বৰৰ নিশা শিৱসাগৰৰ জয়সাগৰ পুখুৰীৰ ওচৰত থকা চিআৰপিএফৰ শিবিৰত এক বিস্ফোৰণ সংঘটিত হৈছিল। তাৰ পাছতে ১০ ডিচেম্বৰত সেই বিস্ফোৰণৰ দায়িত্ব লৈছিল আলফা(স্বা)য়ে।

পুনৰ সক্ৰিয় আলফ(স্বা)!  যোৰহাটৰ সেনা ছাউনীত গ্ৰেনেড বিস্ফোৰণ
আজি ৰাজস্থানৰ মুখ্যমন্ত্ৰী হিচাপে শপত ল'ব ভজন লাল শৰ্মাই

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in