২৯ জুলাইত যোৰহাট টাউন ক্লাবৰ ফুটবল খেলুৱৈ বাছনি শিবিৰ

যোৰহাট জিলা ক্ৰীড়া সন্থাৰ পঞ্জীয়নভূক্ত 'এ' ডিভিজনৰ ক্লাব যোৰহাট টাউন ক্লাবে শণিবাৰে ফুটবল খেলুৱৈ বাছনি শিবিৰ অনুষ্ঠিত কৰিছে

author-image
Asomiya Pratidin
New Update
২৯ জুলাইত যোৰহাট টাউন ক্লাবৰ ফুটবল খেলুৱৈ বাছনি শিবিৰ

ডিজিটেল সংবাদ, যোৰহাটঃ যোৰহাট জিলা ক্ৰীড়া সন্থাৰ পঞ্জীয়নভূক্ত 'এ' ডিভিজনৰ ক্লাব যোৰহাট টাউন ক্লাবে শণিবাৰে যোৰহাটৰ ডনবস্ক' হাইস্কুল বাঘচোঙৰ খেলপথাৰত এদিনীয়া কাৰ্যসূচীৰে বিয়লি ৩ বজাত ১৩, ১৫ আৰু ১৭ অনুৰ্ধ্ব ফুটবল খেলুৱৈ বাছনি শিবিৰ আয়োজন কৰিছে। এক প্ৰেছবিজ্ঞাপ্তি যোগে যোৰহাট জিলা ক্ৰীড়া সন্থাৰ সভাপতি প্ৰবীৰ শইকীয়া আৰু সাধাৰণ সম্পাদক কৌশল হাজৰিকাই জানিবলৈ দিছে যে, উক্ত বাচনি শিবিৰৰ পৰা যোৰহাট জিলা ক্ৰীড়া সন্থাই আয়োজন কৰা য়ুথ ফুটবল লীগ বাবে যোৰহাট টাউন ক্লাবৰ দলটো গঠন কৰা হ'ব।

Advertisment

ইচ্ছুক খেলুৱৈসকলে বাছনি শিবিৰলৈ আহোঁতে মূল আধাৰ কাৰ্ড লগত আনিব লাগিব। ১৩ বছৰ অনুৰ্ধ্ব খেলুৱৈ সকল ১ জানুৱাৰী ২০১১ চনৰ পৰা ৩১ ডিচেম্বৰ ভিতৰত জন্ম গ্ৰহণ কৰা হ'ব লাগিব। ১৫ বছৰ অনুৰ্ধ্ব খেলুৱৈ সকল ১ জানুৱাৰী ২০০৯ চনৰ পৰা ৩১ ডিচেম্বৰ ২০১০ ভিতৰত জন্ম গ্ৰহণ কৰা হ'ব লাগিব। ১৭ বছৰ অনুৰ্ধ্ব খেলুৱৈ সকল ১ জানুৱাৰী ২০০৭ চনৰ পৰা ৩১ ডিচেম্বৰ ২০০৮ চনৰ ভিতৰত জন্ম গ্ৰহণ কৰা হ'ব লাগিব। বাচনি শিবিৰত প্ৰশিক্ষক ৰূপে পিংকুমনি হাজৰিকা আৰু সহকাৰী প্ৰশিক্ষক ৰূপে জয়ন্ত তামুলী আৰু বিকাশ খনিকৰ উপস্থিত থাকিব। ইচ্ছুকসকলে সবিশেষ জানিবৰ বাবে ৯৯৫৭৫৮৮০২০ নম্বৰত যোগাযোগ কৰিবলৈ আহ্বান জনাইছে।

Also Read: ডি এফ অ'ৰ চৰকাৰী পত্ৰতেই ওলাল ভৱেশ কলিতাৰ প্ৰকৃত স্বৰূপ

football football tournament