কমতাপুৰ স্বায়ত্বশাসিত পৰিষদৰ প্ৰধান সচিব নিযুক্তি

কমতাপুৰ স্বায়ত্বশাসিত পৰিষদৰ প্ৰধান সচিব নিযুক্তি

author-image
Asomiya Pratidin
New Update
কমতাপুৰ স্বায়ত্বশাসিত পৰিষদৰ প্ৰধান সচিব নিযুক্তি

ডিজিটেল সংবাদ, কোকৰাঝাৰ : সীমান্ত সুৰক্ষা আৰু উন্নয়ন বিভাগৰ উপ সচিব দিপন বৰ্মনক বৃহস্পতিবাৰে অসম চৰকাৰে কমতাপুৰ স্বায়ত্বশাসিত পৰিষদৰ ভাৰপ্ৰাপ্ত প্ৰধান সচিব হিচাপে নিযুক্তি দিছে । আজি অসম চৰকাৰৰ পাৰচনেল বিভাগ (প্ৰশাসনিক)ৰ সচিবে জাৰি কৰা এক নিদেৰ্শনা ( Ecf No 491570/44 A ) মৰ্মে সীমান্ত সুৰক্ষা আৰু উন্নয়ন বিভাগৰ উপ সচিব দীপন বৰ্মনক বঙাইগাঁৱৰ অতিৰিক্ত জিলা আয়ুক্ত হিচাপে বদলি কৰে। লগতে কমতাপুৰ স্বায়ত্বশাসিত পৰিষদৰ ভাৰপ্ৰাপ্ত প্ৰধান সচিব হিচাপে অতিৰিক্ত দায়িত্বভাৰ অৰ্পন কৰে ।

Advertisment

উল্লেখ্য যে কমতাপুৰ স্বায়ত্বশাসিত পৰিষদৰ প্ৰধান সচিবৰ পদটো দীৰ্ঘদিনে খালি হৈ আছিল। অসম চৰকাৰৰ কৰ্মশ্ৰী বঁটাৰে বিভূষিত দিপন বৰ্মনক কমতাপুৰ স্বায়ত্বশাসিত পৰিষদৰ ভাৰপ্ৰাপ্ত প্ৰধান সচিব হিচাপে নিযুক্তি দিয়াত স্বায়ত্বশাসিত পৰিষদখনে গতি ল'ব বুলি আশা প্ৰকাশ কৰা হৈছে ।

দিপন বৰ্মনে ইয়াৰ পূৰ্বে কোকৰাঝাৰ, বঙাইগাঁৱৰ চক্ৰ বিষয়া, বিশ্বনাথ, গহপুৰ আৰু ৰঙিয়াৰ মহকুমাধিপতি হিচাপে কাৰ্যনিৰ্বাহ কৰি সুনাম বুটলিছিল।

Also Read: সাথী কৃষ্ণ চৈতন্য ৰেড্ডীক অসম প্রদেশ কৃষক কংগ্ৰেছৰ তত্বাবধায়ক হিচাপে নিযুক্তি

kokrajhar Kamtapur Autonomous Council