ভাৰতীয় প্ৰশাসনিক বিষয়া ললিত গগৈৰ মৃত্যু

ভাৰতীয় প্ৰশাসনিক বিষয়া ললিত গগৈৰ মৃত্যু

ডিজিটেল সংবাদ,তিতাবৰ : অৱসৰপ্ৰাপ্ত ভাৰতীয় প্ৰশাসনিক বিষয়া ললিত গগৈৰ মৃত্যু। গুৱাহাটীৰ নেমকেয়াৰ হাস্পতালত শেষ নিশ্বাস ত্যাগ কৰে বিষয়াগৰাকীয়ে।

প্ৰয়াত গগৈৰ ঘৰ আছিল যোৰহাটৰ তিতাবৰত। তেওঁ ভাৰতীয় অসামৰিক সেৱাৰ ২০০৫ চনৰ অসম আৰু মেঘালয়ৰ কেডেট আছিল। ললিত গগৈয়ে শোণিতপুৰ আৰু নলবাৰী উপায়ুক্তৰূপে কাৰ্যনিবাহ কৰা লগতে পৰিবহণ আৰু ৰাজহ বিভাগৰ আয়ুক্ত পদত অধিস্থিত হৈছিল।

অসম চৰকাৰৰ আয়ুক্ত সচিবৰূপে অৱসৰগ্ৰহণ কৰা গগৈৰ মৃত্যুৰ সময়ত বয়স হৈছিল ৬৩বছৰ। অৱসৰৰ পাছত কৰ্ম সংস্কৃতিৰ যোগেদি নিবনুৱাসকলৰ বাবে নিৰ্দশন দাঙি ধৰিছিল ললিত গগৈয়ে।

ভাৰতীয় প্ৰশাসনিক বিষয়া ললিত গগৈৰ মৃত্যু
ধেমাজিত সমষ্টি পৰ্যায়ত খেল মহাৰণ ২০২৩ আৰম্ভ

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in