ধেমাজিত সমষ্টি পৰ্যায়ত খেল মহাৰণ ২০২৩ আৰম্ভ

ধেমাজিত সমষ্টি পৰ্যায়ত খেল মহাৰণ ২০২৩ আৰম্ভ

ডিজিটেল সংবাদ,ধেমাজি : অসমৰ চুকে-কোণে লুকাই থকা প্ৰতিভাসমূহ বিকাশৰ কাৰণে এখন মঞ্চ দিয়াৰ উদ্দেশ্যে ৰাজ্য চৰকাৰে অনুষ্ঠিত কৰিছে অসমৰ ক্ৰীড়া ইতিহাসৰ সৰ্ববৃহৎ প্ৰতিযোগিতা "খেল মহাৰণ"। গাঁও পঞ্চায়ত আৰু পৌৰসভা পৰ্যায়ৰ পাছত সোমবাৰৰ পৰা ধেমাজি জিলাৰ কাছাৰী ময়দানত সমষ্টিৰ পৰ্যায়ৰ খেলা বিভিন্ন প্ৰতিযোগিতাসমূহ আৰম্ভ হৈছে ৷

শিক্ষা মন্ত্ৰী ডাঃ ৰণোজ পেগুৱে ভলীবল চাৰ্ভিছ কৰি খেলৰ উদ্বোধন কৰে ৷ উদ্ধোধনী ভাষণত মন্ত্ৰী পেগুৱে শিক্ষা জীৱনৰ আনুষ্ঠানিক শিক্ষাৰ সমান্তৰালভাৱে সুস্থ মন,সুস্থ শৰীৰৰ বাবে ক্ৰীড়াৰ অপৰিসীম গুৰুত্বৰ বুলি মন্তব্য কৰে ৷

অনুষ্ঠানত লখিমপুৰ লোকসভা সমষ্টিৰ সাংসদ প্ৰদান বৰুৱা,ধেমাজি জিলাৰ জিলা আয়ুক্ত অংকুৰ ভৰালী,জিলা পৰিষদৰ মূখ্য কাৰ্যবাহী বিষয়া জয়ন্ত কুমাৰ বৰা,জিলা উন্নয়ন আয়ুক্ত বিশ্বজিৎ ফুকন, জিলাৰ অতিৰিক্ত আয়ুক্ত দ্বয় ডাঃ সঞ্জীৱ ফুকন আৰু ঋতু পল্লৱ বৰুৱা,মহকুমাধিপতি সদৰ নন্দিতা ৰয় গোহাঁই,সহকাৰী আয়ুক্ত তথা জিলা জনসংযোগ বিষয়া প্ৰীতিৰেখা গগৈ,মৃদুল দত্তকে ধৰি জিলা শীৰ্ষ বিষয়া আৰু কৰ্মচাৰীসকল উপস্থিত থাকে ৷ খেল মহাৰণত ১৯বছৰ অনূৰ্ধ ছোৱালী ভলীবল ৩৪ গৰাকী আৰু ১৯ অনূৰ্ধ ল’ৰা কাবাদী ৩৪ গৰাকী খেলুৱৈয়ে অংশগ্ৰহণ কৰে ৷

ধেমাজিত সমষ্টি পৰ্যায়ত খেল মহাৰণ ২০২৩ আৰম্ভ
বাইহাটা চাৰিআলিত উৰিল আলফা (স্বাঃ)ৰ পতাকা

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in