দুই সমকামী পত্নীয়ে মিলি হত্যা কৰিলে স্বামীক ! মেৰাপানীত চাঞ্চল্য...

সেনা বাহিনীত কৰ্মৰত আছিল নিহত স্বামী

author-image
Asomiya Pratidin
New Update
দুই সমকামী পত্নীয়ে মিলি হত্যা কৰিলে স্বামীক ! মেৰাপানীত চাঞ্চল্য...

ডিজিটেল সংবাদ মেৰাপানীঃ দুৰ্গা পূজাৰ আনন্দ উৎসৱত ৰাজ্যবাসী মতলীয়া হৈ থকাৰ সময়তে মেৰাপানীত সংঘটিত হৈছে এক সন্দেহজনক বিভসৎ হত্যাকাণ্ডৰ ঘটনা। মেৰাপানী আৰক্ষী থানাৰ অন্তৰ্গত পুলিবাগান এলেকাত দুই পত্নীয়ে মিলি সেনা জোৱান স্বামীক হত্যা কৰাৰ গুৰুতৰ অভিযোগ উত্থাপিত হৈছে।

Advertisment

অৰুণাচল প্ৰদেশত কৰ্মৰত ভাৰতীয় সেনা বাহিনীৰ জোৱান বেনুধৰ বৰা এমাহ পূৰ্বে ছুটীত ঘৰলৈ বুলি আহিছিল। কিন্তু বৃহস্পতিবাৰে নিশা নিজ গৃহতে হঠাৎ মৃত্যুমুখত পৰে বেনুধৰ বৰা।

আত্মীয় স্বজন তথা ওচৰ চুবুৰীয়াই বেনুধৰ বৰাৰ মৃত্যু এক পৰিকল্পিত হত্যাকাণ্ড বুলি সন্দেহ কৰি অভিযোগৰ আঙুলি টোঁৱাইছে মৃতকৰ দুই পত্নীলৈ। কিয়নো দুই পত্নী ক্ৰমে ময়ুৰী বৰা আৰু পিংকু বৰায়ে দীৰ্ঘদিনৰ পৰা স্বামী বেনুধৰ বৰাৰ ওপৰত শাৰীৰিক তথা মানসিক অত্যাচাৰ চলাই আহিছিল।

এক গুৰুতৰ অভিযোগ অনুসৰি দুই পত্নীৰ সমকামিতাৰ সম্পৰ্কত স্বামী বেনুধৰ বৰা হেঙাৰ হোৱাৰ বাবেই স্বামীৰ ওপৰত নিৰ্যাতন চলাই আহিছিল দুই পত্নীয়ে। সেয়েহে প্ৰায়ে ছুটীত ঘৰলৈ আহিলে নিজ গৃহৰ পৰিবৰ্তে বায়েকৰ ঘৰত আশ্ৰয় লৈছিল সেনা জোৱান বেনুধৰ বৰাই।

তদুপৰি বেনুধৰ বৰাৰ প্ৰথমা পত্নীয়েই জোৰ কৰি স্বামীৰ দ্বিতীয় বিবাহ কৰাইছিল। উল্লেখযোগ্য যে, বেনুধৰ বৰাই মৃত্যুৰ সময়ত প্ৰথমা পত্নীৰ ফালৰ পৰা দুই পুত্ৰ, কন্যা সন্তানক এৰি থৈ গৈছে। স্থানীয় লোকৰ খবৰৰ ভিত্তিত মেৰাপানী আৰক্ষী ঘটনাস্থলীত উপস্থিত হৈ ঘটনাৰ তদন্ত আৰম্ভ কৰিছে।

ঘটনাটোক কেন্দ্ৰ কৰি স্থানীয় অঞ্চলটোত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হোৱাৰ লগতে দুই পত্নীয়ে মিলি স্বামীক কেনেদৰে হত্যা কৰিলে তাক লৈও কৌতুহলৰ সৃষ্টি হৈছে। অৱশ্যে আৰক্ষীৰ তদন্ততহে সকলো কথা স্পষ্ট হ'ব।

Also Read: দুৰ্গা পূজাৰ আনন্দৰ পৰিবৰ্তে গ্ৰন্থ উৎসৱত ব্যস্ত এজাক শিক্ষাৰ্থী...

হত্যাকাণ্ড মেৰাপানী