/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-10-11/6jvm1n03/barbarua-11.jpg)
ডিজিটেল সংবাদ বৰবৰুৱাঃ ৰাজ্যৰ চৌপাশে দুৰ্গা পূজাৰ আনন্দ উল্লাসৰ মাজতে ডিব্ৰুগড়ৰ বৰবৰুৱা শিক্ষা খণ্ডৰ অধীনৰ বলাই জনজাতি উচ্চতৰ মাধ্যমিক বিদ্যালয়ে গ্ৰহণ কৰিছে ব্যতিক্ৰমী পদক্ষেপ। পূজাৰ বন্ধৰ দিনকেইটা ছাত্ৰ-ছাত্ৰীসকলক ব্যস্ত ৰাখিবলৈ আয়োজন কৰিছে শাৰদীয় গ্ৰন্থোৎসৱ।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-10-11/mznsiu6d/81d966bd-e08c-4480-a28a-29380721370c.jpg)
কুটোহা, বলাই, জকাই আদি বিভিন্ন অঞ্চলৰ পঢ়ুৱৈসকলে ভীৰ কৰা পৰিলক্ষিত হৈছে এই গ্ৰন্থোৎসৱত। উল্লেখযোগ্য যে আলোক সন্ধানী অধ্যয়ন চক্ৰ নামৰ এক সংগঠনে বিগত ২০০৮ চনৰ পৰা ছাত্ৰ-ছাত্ৰী তথা সমাজৰ শৈক্ষিক দিশৰ ওপৰত লক্ষ্য ৰাখি এই শাৰদীয় গ্ৰন্থোৎসৱ আয়োজন কৰি আহিছে।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-10-11/kc8nf6rb/04bcc3b2-0bc1-4066-ba38-ba1a7d3d18ec.jpg)
কবিতা আবৃত্তি, ৰচনা, আকস্মিক বক্তৃতা, তৰ্ক প্ৰতিযোগিতা আদি বিভিন্ন শৈক্ষিক প্ৰতিযোগিতা অনুষ্ঠিত কৰি ছাত্ৰ-ছাত্ৰীসকলৰ মাজত দক্ষতা বিকাশ আৰু শৈক্ষিক আলোড়ণৰ প্ৰয়াস কৰি আহিছে বলাই অঞ্চলৰ লগতে সমগ্ৰ বৰবৰুৱাবাসী ৰাইজে।বলাই জনজাতি উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ এই পদক্ষেপে অধ্যয়নৰ প্ৰতি আকৰ্ষিত কৰিছে গ্ৰামাঞ্চলৰ নৱ প্ৰজন্মৰ যুৱক-যুৱতীসকলক।
Also Read: লখিমপুৰত বিদ্যুৎপৃষ্ট হৈ মৃত্যু যুৱকৰ...