দোকানৰ ভিতৰতে পত্নীক হত্যা স্বামীৰ...

দোকানৰ ভিতৰতে পত্নীক হত্যা স্বামীৰ...

author-image
Asomiya Pratidin
New Update
দোকানৰ ভিতৰতে পত্নীক হত্যা স্বামীৰ...

দোকানৰ ভিতৰতে পত্নীক হত্যা স্বামীৰ...

ডিজিটেল সংবাদ বেকাজানঃ তিতাবৰত আজি সন্ধিয়া এক চাঞ্চল্যকৰ হত্যাকাণ্ড সংঘটিত হয় । জানিব পৰামতে তিতাবৰ তিনিআলিৰ এখন দোকানৰ ভিতৰতে স্বামীয়ে পত্নীক হত্যা কৰি গোপনে সোমাই আছিল।

Advertisment

সন্ধিয়াৰ ভাগত পতি-পত্নীয়ে কাজিয়াত লিপ্ত হৈ দোকানৰ চাটাৰ বন্ধ কৰি সোমাই আছিল । বহুসময় দোকানৰ চাটাৰ নোখোলাত স্থানীয় ৰাইজৰ সন্দেহ হোৱাত আৰক্ষীক খবৰ দিয়ে আৰু তিতাবৰ আৰক্ষী উপস্থিত হৈ দোকানৰ চাটাৰ খোলাত পত্নী জুতিকা বৰাক তলত পৰি থকা অৱস্থাত আৰু স্বামী পংকজ বৰাক দোকানৰ ভিতৰতে বহি থকাৰ অৱস্থাত উদ্ধাৰ কৰে ।

লগে লগে তিতাবৰ আৰক্ষীয়ে আটক কৰিছে হত্যাকাৰী স্বামী পংকজ বৰাক । উল্লেখযোগ্য যে, কি কাৰণত স্বামীয়ে পত্নীক এনেদৰে হত্যা কৰিলে এতিয়াও জানিব পৰা হোৱা নাই। সম্প্ৰতি ঘটনাক কেন্দ্র কৰি সমগ্ৰ তিতাবৰত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হৈছে ।

Also Read: ৰাজ্যিক চলচ্চিত্ৰ বঁটা প্ৰদান অনুষ্ঠানত জুবিনে ক'লে- শ্ৰেষ্ঠ কণ্ঠশিল্পীৰ বঁটা নলও...

পত্নী হত্যা তিতাবৰ