/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-05/639912fb-bb97-40de-aef7-874159816294/opoman.jpg)
প্ৰশিক্ষণৰ দৃশ্য
ডিজিটেল সংবাদ, চিৰাংঃ অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদ, বাসুগাঁও শাখাৰ উদ্যোগত মহিলা সকলৰ আত্মৰক্ষাৰ "মিছন সাহসী" শীৰ্ষক দহদিনীয়া বিনামূলীয়া প্ৰশিক্ষণ শিৱিৰৰ সামৰণি পৰে ।
কিন্তু অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদৰ দ্বাৰা আয়োজিত এই মিছন সাহসীৰ সামৰণি অনুষ্ঠানত প্ৰশিক্ষণ শিৱিৰৰ মুখ্য প্ৰশিক্ষক বিক্ৰম তালুকদাৰক আয়োজক সমিতিৰ পৰা অপমানিত কৰাৰ অভিযোগ উত্থাপিত হৈছে ।
জানিব পৰা মতে অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদ, বাসুগাঁও শাখাৰ উদ্যোগত যোৱা ২১ এপ্ৰিলৰ পৰা বাসুগাঁও চহৰৰ নেতাজী সুভাষ বিদ্যানিকেতন উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ চৌহদত স্থানীয় প্ৰতিভাসম্পন্ন টাইকোৱানডো খেলুৱৈ বিক্ৰম তালুকদাৰৰ তত্ত্বাৱধানত স্কুল, কলেজৰ শতাধিক ছাত্ৰীক আত্মৰক্ষাৰ বিভিন্ন শাৰীৰিক কলা কৌশলৰ প্ৰশিক্ষণৰ প্ৰদান কৰিছিল ।
১ মে অৰ্থাৎ সোমবাৰ দিনা সেই মিছন সাহসীৰ দহদিনীয়া আত্মৰক্ষাৰ প্ৰশিক্ষণ শিৱিৰৰ সামৰণি পৰে ।
সেই উপলক্ষ্যে বাসুগাঁও পৌৰসভাৰ প্ৰেক্ষাগৃহত আয়োজিত সামৰণি অনুষ্ঠানত মুখ্য অতিথি ৰূপে উপস্থিত থাকে বিটিচিৰ স্বাস্থ্য বিভাগৰ কাৰ্য্যবাহী সদস্য অৰূপ কুমাৰ দে, বাসুগাঁও পৌৰসভাৰ পৌৰপতি সাধন চন্দ্ৰ মণ্ডল আদি কৰি এভিবিপিৰ অন্যান্য নেতৃবৃন্দ ।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-05/a39230ab-80a3-42c3-8853-83af8d86fe05/334ab41a_2dd8_44e1_97c6_10819eb06725.jpg)
উক্ত অনুষ্ঠানতে মিছন সাহসীৰ প্ৰশিক্ষণ লাভ কৰা ছাত্ৰসকলক প্ৰমাণ পত্ৰ প্ৰদান কৰা হয় । কিন্তু উক্ত সামৰণি অনুষ্ঠানত মিছন সাহসী প্ৰশিক্ষণ শিৱিৰৰ প্ৰশিক্ষক বিক্ৰম তালুকদাৰক সম্বৰ্ধনা জনোৱা দূৰৰে কথা তেখেতক প্ৰশিক্ষক হিচাপে পৰিচয় দিয়াৰ নুন্যতম সৌজন্যতাবোধ আয়োজক সমিতিয়ে নেদেখুৱাৰ অভিযোগ উত্থাপিত হৈছে ।
বিক্ৰম তালুকদাৰে কয় যে মই উক্ত প্ৰশিক্ষক শিৱিৰত নুন্যতম মাননি নোলোৱাকৈ এক সেৱামূলক মনোভাৱেৰে দহদিন প্ৰশিক্ষণ আগবঢ়াইছো, কিন্তু প্ৰশিক্ষণ শিৱিৰৰ অন্তিম দিনা আয়োজক সমিতিৰ ফালৰ মোৰ সৈতে কিয় এনেধৰনৰ ব্যবহাৰ কৰিলে সেয়া এতিয়াও তেওঁৰ ওচৰত সাঁথৰ বুলি উল্লেখ কৰে ।
ইপিনে আয়োজক সমিতিৰ সভাপতিৰ সৈতে এই সন্দৰ্ভত জানিব বিচৰাত তেখেতে বিক্ৰম তালুকদাৰৰ সৈতে যিখিনি ঘটনা হৈছে এয়া অনিচ্ছাকৃত ভুল হোৱা বুলি স্বীকাৰ কৰে ।
কিন্তু তাৰ বিপৰীতে একাংশ বিজেপিৰ পালিনেতাই সমগ্ৰ বিষয়টো এটা তেনেই সাধাৰণ ঘটনা বুলি উল্লেখ কৰি ওলটাই বিক্ৰম তালুকদাৰক ফোনযোগে উপলুঙা মন্তব্য কৰি পুণৰ অপমান কৰে বুলি প্ৰশিক্ষকগৰাকীক সদৰি কৰে ।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-05/d26c6ad6-1338-49a1-90d3-179889a4ae9b/ba4094f4_df4b_4cb9_b38f_c04c6c089f65.jpg)
Also Read: অষ্টম সংখ্যক অধ্যাপক শৰৎ মহন্ত সোঁৱৰণী বক্তৃতানুষ্ঠান...