তিতাবৰত চুতীয়া জাতিৰ কেইবাটাও সংগঠনৰ বিশাল জনসম্পৰ্ক সভা সম্পন্ন

'আমি ৰাজনৈতিকভাৱে এটা সিদ্ধান্ত গ্ৰহণ কৰাৰ সময় আহি পৰিছে। সেয়ে সকলো চুতীয়া জাতিৰ লোক ৰাজনৈতিকভাৱে ঐক্যবদ্ধ হৈ চৰকাৰৰ প্ৰতাৰণাক যোগ্য প্ৰত্যুত্তৰ দিব লাগিব।'
তিতাবৰত চুতীয়া জাতিৰ কেইবাটাও সংগঠনৰ বিশাল জনসম্পৰ্ক সভা সম্পন্ন

ডিজিটেল সংবাদ,তিতাবৰ : তিতাবৰ মহকুমাৰ বৰহোলা ইকৰাণিত সদৌ চুতীয়া জাতি সন্মিলন অসম, চুতীয়া উন্নয়ণ পৰিষদ, তিতাবৰ জিলা চুতীয়া জাতি সন্মিলন, মহিলা সন্মিলন আৰু ভাতৃ-ভগ্নী সংগঠনৰ উদ্যোগত ২৫ ডিচেম্বৰত এক বিশাল জনসম্পৰ্ক সভা অনুষ্ঠিত হয়। ইকৰাণিৰ সাধনী ভৱনত অনুষ্ঠিত হোৱা এই সভাত চুতীয়া জাতিৰ কেইবাটাও সংগঠনৰ কেন্দ্ৰীয় সমিতিৰ বিষয়ববীয়া আৰু ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ পৰা অহা কেইবাখনো জিলা সমিতিৰ ভালেসংখ্যক বিষয়ববীয়াই অংশগ্ৰহণ কৰি ৰাইজৰ সৈতে মত-বিনিময় কৰে। পুৱা সাধনীৰ প্ৰতিচ্ছবিত বন্তি প্ৰজ্বলন, পুস্পাঞ্জলি অৰ্পন আদিৰ পিছতে দুপৰীয়া জনসম্পৰ্ক সভাখন অনুষ্ঠিত হয়।

সভাৰ আৰম্ভনিতে এটি আকৰ্ষণীয় সমবেত সংগীত পৰিৱেশন কৰা হয়। তিতাবৰ জিলা চুতীয়া জাতি সন্মিলনৰ সম্পাদক দুলাল শইকীয়াই আঁত ধৰা আৰু তিতাবৰ জিলা মহিলা সন্মিলনৰ সভানেত্ৰী প্ৰণিতা বৰাই আঁত ধৰা সভাত সদৌ চুতীয়া জাতি সন্মিলন অসমৰ সভাপতি বিবুল হাজৰিকা আৰু চুতীয়া উন্নয়ণ পৰিষদৰ অধ্যক্ষ কুলকমল বৰুৱাক গামোছা, চেলেং, সম্বৰ্ধনা পত্ৰ আদিৰে সম্বৰ্ধনা জ্ঞাপন কৰা হয়।

সভাৰ মাজতে সদৌ চুতীয়া জাতি সন্মিলনৰ সম্পাদক যতীন পাঠকে ইকৰাণি আঞ্চলিক চুতীয়া সন্মিলনৰ নৱ নিৰ্বাচিত বিষয়ববিয়াসকলক শপত বাক্য পাঠ কৰোৱায়। সভাত সদৌ চুতীয়া জাতি সন্মিলনৰ কেন্দ্ৰীয় সভাপতি বিবুল হাজৰিকা, সাধাৰণ সম্পাদক ক্ৰমে দেৱজ্যোতি শইকীয়া, নৃপেন শইকীয়া, যতীন পাঠক, চুতীয়া উন্নয়ন পৰিষদৰ অধ্যক্ষ কুলকমল বৰুৱা, সদস্য গোপাল বৰা, সদৌ চুতীয়া জাতি মহিলা সন্মিলনৰ সভানেত্ৰী জয়া বৰুৱা, সদৌ চুতীয়া ছাত্ৰ সন্থাৰ সভাপতি মহেন বৰা, সদৌ চুতীয়া যুৱ সন্মিলনৰ উপদেষ্টা ধৰ্মপ্ৰাণ চুতীয়া, সাধাৰণ সম্পাদক কৌস্তৱ কিশোৰ চুতীয়া, সহকাৰী সম্পাদক পলাশ হাজৰিকা, চুতীয়া জাতি যুৱ সন্মিলনৰ কেন্দ্ৰীয় সমিতিৰ সম্পাদক উত্তম হাজৰিকা, তিতাবৰ জিলাৰ সভাপতি প্ৰাঞ্জল হাজৰিকা, সাধনী বিশ্ববিদ্যালয়ৰ অধ্যাপক ক্ৰমে ড° ত্ৰিদিপ শইকীয়া, ড° জিতু শইকীয়া আদি অতিথি হিচাপে উপস্থিত থাকি কেইবাজনে ভাষণ প্ৰদান কৰে।

স্থানীয় সহস্ৰাধিক ৰাইজে অংশগ্ৰহণ কৰা বিশাল জনসম্পৰ্ক সভাখনৰ অন্তত সদৌ চুতীয়া জাতি সন্মিলনৰ সাধাৰণ সম্পাদক নৃপেন শইকীয়াই সংবাদ মাধ্যমৰ আগত কয় যে ৰাজ্যৰ বিভিন্ন প্ৰান্তত সিঁচৰিত আৰু বহুধাবিভক্ত হৈ থকা চুতীয়া জাতিৰ লোকসকলক একত্ৰিত কৰাৰ উদ্দেশ্যে এনেদৰে জনসম্পৰ্ক সভা কেইবাখনো জিলাত অনুষ্ঠিত কৰা হৈছে। বিশেষকৈ কেন্দ্ৰীয় চৰকাৰে চুতীয়া জাতিৰ জনজাতিকৰণ আৰু স্বায়ত্ব শাসনৰ ক্ষেত্ৰত কৰি অহা প্ৰতাৰণাৰ উচিত সময় আহি পৰিছে।

'আমি ৰাজনৈতিকভাৱে এটা সিদ্ধান্ত গ্ৰহণ কৰাৰ সময় আহি পৰিছে। সেয়ে সকলো চুতীয়া জাতিৰ লোক ৰাজনৈতিকভাৱে ঐক্যবদ্ধ হৈ চৰকাৰৰ প্ৰতাৰণাক যোগ্য প্ৰত্যুত্তৰ দিব লাগিব' বুলি প্ৰকাশ কৰে সম্পাদকগৰাকীয়ে।

তিতাবৰত চুতীয়া জাতিৰ কেইবাটাও সংগঠনৰ বিশাল জনসম্পৰ্ক সভা সম্পন্ন
জলাহ গাঁৱৰ কৃষকে দেখুৱাইছে আদৰ্শ : দুহেজাৰ বিঘা কৃষিভূমিত সৰিয়ঁহ খেতি

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in