তিতাবৰৰ 'প্ৰাগজ্যোতিকা'ৰ নতুন সংযোজন 'হেল্থ টেক্'...

তিতাবৰৰ 'প্ৰাগজ্যোতিকা'ৰ নতুন সংযোজন 'হেল্থ টেক্'...

ডিজিটেল সংবাদ, বেকাজানঃ তিতাবৰৰ অগ্ৰণী শিক্ষানুষ্ঠান 'প্ৰাগজ্যোতিকা'ৰ মজিয়াত মঙলবাৰৰ পৰা নতুনকৈ সংযোজন হ'ল 'হেল্থ টেক্' নামেৰে এখন ক্ষুদ্ৰ চিকিৎসালয়। এই নতুনকৈ সংযোজন হোৱা 'হেল্থ টেক্' চিকিৎসালয় উদ্বোধন কৰে তিতাবৰ অসামৰিক চিকিৎসালয়ৰ অধীক্ষক ডাঃ ৰাজীৱ বৰুৱাই।

তিতাবৰ মহকুমা চিকিৎসা আৰু স্বাস্থ্য বিষয়া ডাঃ ৰূপাঞ্জলি ফুকনে বিশিষ্ট অতিথিৰূপে বক্তব্য প্ৰদান কৰি কয় যে শিক্ষাৰ ক্ষেত্ৰত সুনাম থকা প্ৰাগজ্যোতিকা শিক্ষা প্ৰতিষ্ঠানৰ স্বাস্থ্যৰ দিশত এয়া এক গুৰুত্বপূৰ্ণ পদক্ষেপ। আনহাতে উদ্বোধনী অনুষ্ঠানত প্ৰাগজ্যোতিকাৰ সঞ্চালকদ্বয় অচ্যুৎদ্বীপ শইকীয়াই কয়- প্ৰাগজ্যোতিকাই শিক্ষাৰ্থীসকলৰ স্বাস্থ্য সজাগতা সৃষ্টি কৰাই নহয় স্বাস্থ্য সচেতনতা বিশেষকৈ ছাত্র- ছাত্ৰীসকলে সততে সন্মুখীন হোৱা বেমাৰৰ থিতাতে চিকিৎসা লাভ কৰিব।

তদুপৰি হেল্থ টেকে প্ৰতিজন শিক্ষাৰ্থীক গোটেই বছৰটো স্বাস্থ্য পৰীক্ষা অন্তত এখন কাৰ্ড প্ৰদান কৰিব। ফলত অভিভাৱকসকল উপকৃত হ'ব। অনুষ্ঠানটি আনজন সঞ্চালক অপূৰ্ব চন্দ্ৰ ডেকা, 'হেল্থ টেক্'ৰ পৰিচালক জোচেফ এলেক্স চেৰিয়ানে স্বাস্থ্য কেন্দ্ৰটোৰ বিষয়ে ব্যক্ত কৰে।

উল্লেখযোগ্য যে জি এন এম, এ এন এম সহ ৩গৰাকী নাৰ্চে নিতৌ সেৱা প্ৰদান কৰিব আৰু সময়ে সময়ে অভিজ্ঞ চিকিৎসকৰ দ্বাৰা প্ৰাগজ্যোতিকাৰ শিক্ষাৰ্থী, শিক্ষাগুৰু, কৰ্মচাৰীৰ লগতে প্ৰয়োজন সাপেক্ষে অভিভাৱকসকলক স্বাস্থ্য পৰীক্ষা আৰু চিকিৎসা সেৱা আগবঢ়াব। তদুপৰি ক্ষুদ্ৰ চিকিৎসা কেন্দ্ৰৰ জৰিয়তে শিক্ষাৰ্থী আৰু অভিভাৱকসকলৰ বাবে হেল্থ কাৰ্ডৰ ব্যৱস্থা থাকিব।

ছাত্র -ছাত্ৰীসকলক স্বাস্থ্য সেৱাৰ লগতে অনলাইন জৰিয়তে অভিজ্ঞ চিকিৎসকে পৰামৰ্শ আগবঢ়াব। আজি নতুন সংযোজন হোৱা প্ৰাগজ্যোতিকা শিক্ষা প্ৰতিষ্ঠানৰ এই মহৎ প্ৰচেষ্টাত অভিভাৱকসকল সন্তুষ্টি প্ৰকাশ কৰে।

তিতাবৰৰ 'প্ৰাগজ্যোতিকা'ৰ নতুন সংযোজন 'হেল্থ টেক্'...
বঙৰাৰ শ্ৰীশ্ৰী কৈটাসিদ্ধি সত্ৰৰ সুঁৱৰি উৎসৱৰ মহাৰজত জয়ন্তী...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in