বঙৰাৰ শ্ৰীশ্ৰী কৈটাসিদ্ধি সত্ৰৰ সুঁৱৰি উৎসৱৰ মহাৰজত জয়ন্তী...

agrani khabar
agrani khabar

ডিজিটেল সংবাদ, গুৱাহাটীঃ মহানগৰীৰ পশ্চিম প্ৰান্তৰ বঙৰাৰ শ্ৰীশ্ৰী কৈটাসিদ্ধি সত্ৰৰ ৭৫ সংখ্যক সুঁৱৰি উৎসৱৰ মহাৰজত জয়ন্তী। ১৬-১৯ এপ্ৰিলত ৪ দিনীয়া বৰ্ণাঢ্য আৰু বিস্তৃত কাৰ্যসূচীৰে মহাৰজত জয়ন্তীৰ উদযাপনৰ ব্যাপক প্ৰস্তুতি চলাইছে বুলি মহোৎসৱ উদযাপন সমিতিৰ সভাপতি তথা বিশিষ্ট শিক্ষাবিদ গৌৰীকান্ত নাথ, কাৰ্যকৰী সভাপতি প্ৰদীপ চন্দ্ৰ নাথ আৰু সম্পাদক প্ৰধান দুৰ্গেশ্বৰ নাথে জানিব দিছে ।

১৬ এপ্ৰিলৰ পুৱা ৫ বজাত ঊষা কীৰ্তন লগতে শ্ৰীমদ্ভাগৱত স্থাপন কৰিব শ্ৰীশ্ৰী কৈটাসিদ্ধি সত্ৰৰ সত্ৰাধিকাৰ থানেশ্বৰ নাথৰ লগতে ২২জন ভকতে। মহাৰজত জয়ন্তীৰ মুখ্য দ্বাৰ মুকলি কৰিব সমাজকৰ্মী কমল ঠাকুৰীয়াই। ইয়াৰ পিছত ধৰ্মধ্বজা উত্তোলন কৰিব জ্যোতিষ ভাৰতী প্ৰবীণ দেৱ নাথে, লগতে ৭৫ খন ধ্বজা উত্তোলন কৰিব গাওঁপ্ৰধান, অৱসৰপ্ৰাপ্ত শিক্ষক, সমাজকৰ্মী, শিল্পী, অধিবক্তা, ভিন-ভিন দল-সংগঠনৰ প্ৰতিনিধিয়ে ।

শ্ৰদ্ধাঞ্জলি স্থানত বন্তি প্ৰজ্বলন কৰিব ভকত ললিত চন্দ্ৰ নাথে, পুষ্পাঞ্জলি অৰ্পণ কৰিব সমিতিৰ সভাপতি গৌৰীকান্ত নাথে, বৃক্ষৰোপণ কৰিব আদৰ্শবান কৃষক চন্দ্ৰধৰ ঠাকুৰীয়াই, ইয়াৰ পিছতে বৰ্ণিল সাংস্কৃতিক শোভাযাত্ৰা মুকলি কৰিব অৱসৰী শিক্ষক গজেন চন্দ্ৰ বড়োই, সন্ধিয়া বন্তি প্ৰজ্বলন কৰিব সমাজকৰ্মী গণেশ চন্দ্ৰ তালুকদাৰে, সাংস্কৃতিক মঞ্চ মুকলি কৰিব প্ৰধান শিক্ষয়িত্ৰী মুনমী দাসে। ইয়াৰ পিছতে বিভিন্ন নামৰীয়া দলৰ দ্বাৰা নাম পৰিৱেশন ।

১৭ এপ্ৰিলৰ পুৱা ঊষা কীৰ্তনৰ পিছতে স্মৃতিচাৰণ, মুকলি সভা অনুষ্ঠিত হ'ব। সভাত স্মৃতিগ্ৰন্থ উন্মোচন কৰিব অসম সাহিত্য সভাৰ কাৰ্যনিৰ্বাহক সদস্য তথা সাহিত্যিক দীপক শৰ্মাই। সভাত পলাশবাৰী সমষ্টিৰ বিধায়ক হেমাংগ ঠাকুৰীয়া, অসম চৰকাৰৰ অৱসৰী আয়ুক্ত সচিব অঞ্জন শৰ্মা, দক্ষিণ কামৰূপ ছোৱালী মহাবিদ্যালয়ৰ অধ্যক্ষ ড০ নৰকান্ত অধিকাৰী, বৰপেটাৰ মাধৱ চৌধুৰী মহাবিদ্যালয়ৰ ৰসায়ন বিজ্ঞান বিভাগৰ বিভাগীয় প্ৰধান ড০ হীতেশ দাস, বৰপেটা বি.টি.কলেজৰ প্ৰবক্তা জাহ্নৱী ডেকা, দক্ষিণ কামৰূপ জিলা বি জে পিৰ সভাপতি অঞ্জন গোস্বামী, সমাজকৰ্মী অনুপ কুমাৰ মেধি, ৰাজেন নাথ, কুশল মালাকৰ আৰু সমীৰ প্ৰসাদ শৰ্মাই বিশিষ্ট অতিথি আৰু নিৰ্দিষ্ট বক্তা হিচাপে অংশ ল'ব ।

ইয়াৰ পিছতে কৃতী বিদ্যাৰ্থী আৰু প্ৰতিভাৱান ব্যক্তিক সম্বৰ্দ্ধনা জনোৱা হ'ব। সন্ধিয়া বন্তি প্ৰজ্বলন কৰিব ভকত ভূৱন দাসে, সাংস্কৃতিক মঞ্চ মুকলি কৰিব অভিনেতা বলেন চৌধুৰীয়ে। ইয়াৰ পিছতে জনপ্ৰিয় নাগাৰা নামৰ পাঠক কুসুম দেৱীৰ নাগাৰা নাম পৰিৱেশন কৰা হ'ব ।

১৮ এপ্ৰিলৰ পুৱা ঊষা কীৰ্তন, গোঁসাই স্থাপন, দধিমন্থনৰ মঞ্চত বন্তি প্ৰজ্বলন, দধি মন্থনৰ মঞ্চ মুকলি কৰিব অসম সত্ৰ মহাসভাৰ উপ-সভাপতি অখিল মহন্তই। সভাত বিশিষ্ট অতিথি হিচাপে অংশ ল'ব সমাজকৰ্মী এলবাৰ্ট আহমেদ, দক্ষিণ কামৰূপ জিলা সত্ৰ মহাসভাৰ সম্পাদক গোলক দাস, বঙৰা আঞ্চলিক সত্ৰ মহাসভাৰ সভাপতি বিমল ঠাকুৰীয়া, অসম জাতীয় পৰিষদৰ যুটীয়া সম্পাদক পংকজ লোচন গোস্বামী, পলাশবাৰী পৌৰ সভাৰ পৌৰপতি ৰীণা দাস কলিতা, দক্ষিণ কামৰূপ ক্ৰীড়া সন্থাৰ সভাপতি নাৰায়ণ চৌধুৰী, বঙৰা গাঁও পঞ্চায়তৰ সভাপতি নিজৰা দাস, সৰু ফুলগুৰি সত্ৰৰ সত্ৰাধিকাৰ ধীৰেণ মহন্ত আৰু ডেকা সত্ৰাধিকাৰ হিৰণ্য কুমাৰ মহন্তই। বিয়লি দধি মন্থন প্ৰদৰ্শন, 'যুগান্তৰ নাট্যদল'ৰ নাট প্ৰদৰ্শনে দিনটোৰ কাৰ্যসূচীৰ সামৰণি পৰিব ।

১৯এপ্ৰিলত শ্ৰীশ্ৰী চতুৰ্ভূজ বিগ্ৰহ লৈ শোভাযাত্ৰা উন্মোচন কৰিব সমাজকৰ্মী মদন চৌধুৰীয়ে। সন্ধিয়া সাংস্কৃতিক মঞ্চত বন্তি প্ৰজ্বলন কৰিব ভাৰতীয় বায়ু সেনাৰ অৱসৰপ্ৰাপ্ত এইচ এফ ও পৰাণ কুমাৰ ডেকাই, মঞ্চ মুকলি কৰিব গুৱাহাটী বৰঝাৰ বিমান বন্দৰৰ মুখ্য বিমান কোঠ বিষয়া উৎপল বৰুৱাই।

অনুষ্ঠানত নিমন্ত্ৰিত অতিথি হিচাপে পলাশবাৰী সমষ্টিৰ প্ৰাক্তন বিধায়ক প্ৰণৱ কলিতা, অসম প্ৰদেশ মহিলা কংগ্ৰেছ কমিটিৰ সভানেত্ৰী মীৰা বৰঠাকুৰ গোস্বামী, ব্যৱসায়ী অনিল দাস, সমাজকৰ্মী দীনেশ চৌধুৰী, পংকজ কুমাৰ জৈন আৰু অসম ফুটবল সন্থাৰ যুটীয়া সম্পাদক হিমাংশু শেখৰ বৈশ্যই।

নিশা গুৰুজনাৰ জন্মস্থান বৰদোৱাৰ অভিজ্ঞ প্ৰশিক্ষকৰ দ্বাৰা পৰিচালনাৰে 'শ্ৰীকৃষ্ণৰ ৰাস' প্ৰদৰ্শনৰ লগতে জনপ্ৰিয় শিল্পী বিদ্যা সাগৰৰ সংগীতানুষ্ঠান প্ৰদৰ্শন কৰা হ'ব। অনুষ্ঠানৰ ৪দিনৰ কাৰ্যসূচী সফল ৰূপায়নৰ বাবে মূল সমিতিৰ লগতে এঘাৰখন উপ-সমিতি গঠন কৰা হৈছে। প্ৰতি কাৰ্যসূচীত সকলো ৰাইজৰ উপস্থিতি উদ্যোক্তাসকলে কামনা কৰিছে ।

agrani khabar
এশ দিনৰ ভিতৰত ভূপেন বৰাৰ চকী যাবঃপীযুষ হাজৰীকা

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in