/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-10/b072c7ae-c7fa-4a09-9509-d4bfd3952439/253.jpg)
ডিজিটেল সংবাদ,ঘিলাধাৰী : বৃহস্পতিবাৰে বৰহোলা মহাবিদ্যালয়ত আভ্যন্তৰীণ মান নিশ্চিতকৰণ আৰু এন এছ এছ উদ্যোগত ভাৰত চৰকাৰৰ আয়ুস্মান ভৱঃ সৈতে সংগতি ৰাখি এক স্বাস্থ্য সজাগতা সভা আৰু ৰক্তদান কাৰ্যসূচীৰ আয়োজন কৰা হয়।সেই উদ্দেশ্য সংশ্লিষ্ট মহাবিদ্যালয়ৰ সভাকক্ষত এখনি সভা অনুষ্ঠিত হয় ৷
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-10/842fc5e4-f56d-424e-88f0-ec58f3f3864c/4e8fa10e_bc9c_4834_8f99_a29dcb167eb9.jpg)
উক্ত সজাগতা সভা আঁত ধৰে মহাবিদ্যালয়খনৰ আভ্যন্তৰীণ মান নিশ্চিতকৰণ বিভাগৰ সমন্বয়ক ড° ৰাণা বৰাই ৷ শুভেচ্ছামূলক আদৰণি ভাষণ প্ৰদান কৰে মহাবিদ্যালয়খনৰ অধ্যক্ষা বৰ্ণালী শইকীয়াই ৷
সভাত যোৰহাট চিকিৎসা মহাবিদ্যালয়ৰ চিকিৎসক ড° পাৰ্থ শইকীয়া,তিতাবৰৰ আয়ুস্মান ভৱঃৰ নডেল বিষয়া মানৱ জ্যোতি গগৈ উপস্থিত থাকি ৰক্তদানৰ দৰে মহান কাৰ্যসূচীত অংশগ্ৰহণৰ বাবে আহ্বান জনায়। লগতে স্বাস্থ্য সৰ্ম্পকীয় বিভিন্ন দিশৰ বিষয়ে আলোকপাত কৰে ৷
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-10/1f1a933e-9f3d-4e49-afd6-0f190632de11/bfe9ccb1_9251_4b69_a420_fbbb5c2521ca.jpg)
সভাত যোৰহাট জিলা স্বাস্থ্য বিভাগৰ যুটীয়া সঞ্চালক ডাঃ শশীধৰ ফুকন ,বৰহোলা সামূহিক স্বাস্থ্য কেন্দ্ৰৰ বিষয়া ডাঃ সৌৰভ বৰা,মহাবিদ্যালয়ৰ উপাধ্যক্ষ দিলীপ কুমাৰ খাউণ্ড,আভ্যন্তৰীণ মান নিশ্চিতকৰণৰ সহঃ সমন্বয়ক দেৱজিৎ দুৱৰা,এন এছ এছ সমন্বয়ক মেৰাজুনা হুছেইন বৰদলৈ,বৰহোলা সামূহিক স্বাস্থ্য কেন্দ্ৰৰ সহঃ গাণনিক তথা সহঃ আঁচনি প্ৰবন্ধক বিষয়া চম্পক কুমাৰ গগৈ উপস্থিত থাকে ৷
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-10/cd9e299a-7e9b-4ee7-9d92-fc4194089d79/9222fcbe_11bb_40ed_b327_2f599818ba11.jpg)
উক্ত কাৰ্যসূচীত চিকিৎসা কৰ্মী,সংশ্লিষ্ট বিদ্যালয়ৰ শিক্ষক-কৰ্মচাৰী,ছাত্ৰ ছাত্ৰীয়ে অংশগ্ৰহণ কৰে ৷ ৰক্তদান শিবিৰত মুঠ ২০ জন লোকে ৰক্তদান কৰে ৷ অনুষ্ঠানটি সাফল্যমণ্ডিত কৰাৰ কাৰণে সকলোকে ধন্যবাদ জ্ঞাপন কৰে আভ্যন্তৰীণ মান নিশ্চিতকৰণ বিভাগৰ সমন্বয়ক তথা মহাবিদ্যালয়খনৰ প্ৰবক্তা ড° ৰাণা বৰাই ৷
Also Read: ভাৰতৰ মাটিত হ'ব সপোন পূৰণ