/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-08/1da074a2-6f61-490c-8f9c-08235ea958c4/jamb.jpg)
ডিজিটেল ডেস্ক : 'ৰাজ্যত ক্ৰীড়াৰ এক সুস্থ পৰিৱেশ সৃষ্টিৰ জড়িয়তে নতুন নতুন খেলুৱৈ উলিয়াই অনাৰ ক্ষেত্ৰত আমাৰ যথেষ্ট কৰণীয় আছে। সেয়ে অসম এথলেটিকছ সন্থাৰ সভাপতিৰূপে সকলোৰে সহায়-সহযোগত অসমত এথলেটিকছৰ উত্তৰণৰ বাবে কাম কৰি যাবলৈ মই সদায়েই প্ৰতিশ্ৰুতিবদ্ধ।'
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-08/cbe1807d-cfe9-4a54-83af-b5dd6670ed14/366356509_928721151948235_1952001046889462878_n.jpg)
অসম এথলেটিকছ সন্থাৰ নৱ নিৰ্বাচিত সভাপতিৰূপে দায়িত্ব লৈয়ে মন্ত্ৰী তথা সন্থাৰ নৱ নিৰ্বাচিত সভাপতি জয়ন্ত মল্লবৰুৱাই এনেদৰে কয়। দেওবাৰে সৰুসজাই ক্ৰীড়া প্ৰকল্প চৌহদত অসম এথলেটিকছ সন্থাৰ বাৰ্ষিক সাধাৰণ সভা অনুষ্ঠিত কৰা হয়। এই সভাতে অসম এথলেটিকছ সন্থাৰ পুৰণি সমিতিৰ পৰা নতুন সমিতিলৈ দায়িত্বভাৰ হস্তান্তৰ কৰা হয়।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-08/60274b2d-6978-4b95-a115-4b89ecfd3f13/ba699ea0_471d_49d9_bc0b_40e34d61c55b.jpg)
সেই অনুসৰি নলবাৰী সমষ্টিৰ বিধায়ক তথা জনস্বাস্থ্য কাৰিকৰী বিভাগৰ মন্ত্ৰী জয়ন্ত মল্লবৰুৱাক অসম এথলেটিকছ সন্থাৰ সভাপতিৰূপে নিৰ্বাচিত কৰা হয়। নৱ নিৰ্বাচিত সভাপতি বৰুৱাৰ এই যাত্ৰাত তেওঁক সহায়-সহযোগিতা কৰা,আশীৰ্বাদ প্ৰদান কৰা শুভাকাংক্ষী তথা সন্থাৰ সৈতে জড়িত সকলোকে তেওঁ ধন্যবাদ জ্ঞাপন কৰে।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-08/de837f0d-b943-4df4-bd7d-b18f85565fa3/56da30ff_ec6b_4d7e_9ac8_db713eb26cab.jpg)
এই গুৰুদায়িত্ব লাভ কৰি তেওঁ যথেষ্ট আনন্দিত বুলি ব্যক্ত কৰে। অনাগত দিনত তেওঁ অসমত এথলেটিকছৰ উত্তৰণৰ বাবে কাম কৰি যাব বুলি মন্তব্য কৰে।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-08/f34a2119-4377-473b-9fdd-4ce7c7bc18e3/367480853_928721251948225_7351893551094760602_n.jpg)
উল্লেখ্য যে বিনা প্ৰতিদ্বন্দ্বিতাৰে তেওঁক সভাপতি পদৰ বাবে নিৰ্বাচিত কৰা হয়। অৱশ্যে উক্ত পদটোৰ বাবে আন দুগৰাকী প্ৰতিদ্বন্দ্বি আছিল যদিও সভাৰ আলোচনা মৰ্মে তথা সকলোৰে সহমতত জয়ন্ত মল্লবৰুৱাক সভাপতিৰ দায়িত্ব প্ৰদান কৰা হয়।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-08/c8fc8d09-e2cd-4d3b-b599-64907ee88e45/139aeac5_cfa9_4a42_93f4_bf6339c1ba61.jpg)
আনহাতে সভাপতি পদৰ উপৰি জ্যেষ্ঠ উপ-সভাপতি পদত জয়ন্ত বসুমতাৰী,উপ-সভাপতি পদত অশোক কুমাৰ ভৰালী,কৰুণাধৰ দত্ত আৰু মানৱ ডেকাক নিৰ্বাচিত কৰা হয়। সাধাৰণ সম্পাদক পদত গীতাৰ্থ গোস্বামী,জ্যেষ্ঠ যুটীয়া সম্পাদক পদত নিপন দাস,যুটীয়া সম্পাদক পদত আব্দুৰ ৰহিম জিব্ৰান আৰু চেমুৱেল দৈমাৰীক নিৰ্বাচিত হয়। ইফালে অসম এথলেটিকছ সন্থাৰ কোষাধ্যক্ষ পদত ঋতুবৰণ শৰ্মাক নিৰ্বাচিত কৰা হয়।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-08/c4a27011-e109-45a1-b251-22aed2d2f0e7/366317812_928722148614802_6047666735775708159_n.jpg)
উক্ত সভাত সন্থাৰ বিষয়-ববীয়াৰ লগতে ৩৫খন জিলা ক্ৰীড়া সন্থাৰ বিষয়-ববীয়া,জিলা প্ৰতিনিধি আৰু ভালেকেইগৰাকী ব্যক্তি উপস্থিত থাকে।
Also Read: সৰ্থেবাৰীত হিতেশ ডেকাৰ জন্ম শতবাৰ্ষিকী উদযাপনৰ প্ৰস্তুতি