/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-11/b32fe01b-3658-4d4a-8dfa-7e367ab52909/179.jpg)
ডিজিটেল সংবাদ, যোৰহাট : অসম কৃষি বিশ্ববিদ্যালয় খেলপথাৰত অনুষ্ঠিত আৰ জি বৰুৱা সোঁৱৰণী ১৬ বছৰ অনুৰ্ধ্ব আন্তঃজিলা ক্ৰিকেট প্ৰতিযোগিতাত ডিব্ৰুগড় দলে চেম্পিয়ন খিতাপ অৰ্জন কৰিছে। অসম ক্ৰিকেট সন্থাৰ সৌজন্যত আৰু যোৰহাট জিলা ক্ৰীড়া সন্থাৰ আতিথ্যত অনুষ্ঠিত কৰা হয় প্ৰতিযোগিতাখন।
প্ৰতিযোগিতাখনৰ উজনি অসম মণ্ডলৰ চূড়ান্ত খেলখনত টছত জিকি চৰাইডেউ দলে প্ৰথমে বেটিং কৰে। চৰাইদেউ দলে প্ৰথম ইনিংছত ৯০ ৰাণ আৰু দ্বিতীয় ইনিংছত লিয়ন গগৈৰ ১১ আৰু চামিম আহমেদৰ ১০ ৰাণৰ সহযোগত আটাইকেইটা উইকেট হেৰুৱাই ৪৭ সংগ্ৰহ কৰি ডিব্ৰুগড় দলক বিজয়ৰ বাবে ৩১ ৰাণৰ লক্ষ্য বান্ধি দিয়ে।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-11/ffc468de-5478-4f08-98cf-b59731d1e86b/005ace98_931e_48d5_b5ed_37747931da34.jpg)
ডিব্ৰুগড় দলৰ হৈ আব্বাছ আলিয়ে ১৩ ৰাণ খৰছ কৰি ৪টা আৰু কানহাইয়া ঠাকুৰে ১২ ৰাণ খৰছ কৰি ৩টা উইকেট লাভ কৰে। প্ৰত্যুত্তৰত ডিব্ৰুগড় দলে প্ৰথম ইনিংছত ১০৭ ৰাণ আৰু দ্বিতীয় ইনিংছত ৰাজীৱ ডুবেৰ অপৰাজিত ১৩ ৰাণৰ সহযোগত ৩টা উইকেটৰ বিনিময়তে ৩১ ৰাণ কৰি ৭ উইকেটত বিজয় সাব্যস্ত কৰি চুপাৰ লীগৰ ছেমিফাইনেল খেলাৰ যোগ্যতা অৰ্জন কৰে।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-11/c334f1d9-baf6-4acf-aa1b-095b82b0687c/1a85e9f9_8976_4ee6_b74d_6b631c055ab8.jpg)
মঙলবাৰৰ খেলখনত মেন অৱ দা মেছ সন্মান লাভ কৰে ডিব্ৰুগড় দলৰ ৰাজীৱ ডুবেয়ে। চেম্পিয়ন দল ডিব্ৰুগড় জিলা দলক চেম্পিয়ন ট্ৰফী প্ৰদান কৰে যোৰহাট জিলা ক্ৰীড়া সন্থাৰ সভাপতি শান্তনু পূজাৰীয়ে। ৰাণাৰ্ছ আপ দল চৰাইদেউক ৰাণাৰ্ছ আপ ট্ৰফী প্ৰদান কৰে যোৰহাট জিলা ক্ৰীড়া সন্থাৰ সম্পাদক জুল খাউণ্ডে।
Also Read: লালমাটিত মুকলি ট্ৰাইমফ মটৰ চাইকেলৰ প্ৰথমটো শ্ব’ৰুম